• Home
  • »
  • News
  • »
  • assam
  • »
  • ফ'ৰলেনযুক্ত ঘাইপথৰ নিৰ্মাণে ডবকাত ৬ সহস্ৰাধিক শালগছৰ মৃত্যু মাতি আনিব, দল–সংগঠনৰ উত্তাল প্ৰতিবাদ 

ফ'ৰলেনযুক্ত ঘাইপথৰ নিৰ্মাণে ডবকাত ৬ সহস্ৰাধিক শালগছৰ মৃত্যু মাতি আনিব, দল–সংগঠনৰ উত্তাল প্ৰতিবাদ 

 জলবায়ু পৰিৱৰ্তনক লৈ সমগ্ৰ বিশ্বই উদ্বিগ্নতা প্ৰকাশ কৰাৰ সময়ত পথ সম্প্ৰসাৰণৰ নামত গছ কটাটো কিমান গ্ৰহণযোগ্য?

জলবায়ু পৰিৱৰ্তনক লৈ সমগ্ৰ বিশ্বই উদ্বিগ্নতা প্ৰকাশ কৰাৰ সময়ত পথ সম্প্ৰসাৰণৰ নামত গছ কটাটো কিমান গ্ৰহণযোগ্য?

জলবায়ু পৰিৱৰ্তনক লৈ সমগ্ৰ বিশ্বই উদ্বিগ্নতা প্ৰকাশ কৰাৰ সময়ত পথ সম্প্ৰসাৰণৰ নামত গছ কটাটো কিমান গ্ৰহণযোগ্য?

  • Share this:

ডবকাৰ ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথটো বৰ্তমানে ফ'ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথলৈ সম্প্ৰসাৰিত হ'বলৈ গৈ আছে ৷ অতি শীঘ্ৰে  ৬ সহস্ৰাধিক প্ৰকাণ্ড প্ৰকাণ্ড শাল গছ কাটি নিৰ্মাণ কৰা হ'ব ফ'ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ।


কিন্তু উক্ত স্থানতেই আছে বন্যহস্তীৰ বাসস্থান। বনাঞ্চল ধ্বংস আৰু বন্যহস্তীৰ বাসস্থান ধ্বংস কৰি হোজাইৰ দল–সংগঠনে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিবলৈ নিদিয়ে। বিগত পাঁচ দিনৰ পৰা সৰৱ হৈ পৰিছে ৰাজ্যৰ দল–সংগঠন। আজিও ৰাষ্ট্ৰীয় ঘাইপথত অৱৰোধ আৰু ডবকা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি চৰকাৰৰ এই কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰে সংখ্যালঘু ছাত্ৰ ইউনিয়নে।


ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা প্ৰকাণ্ড প্ৰকাণ্ড গছসমূহ ৰক্ষা কৰি বিকল্প ঠাইৰে ফ'ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দাবীত ডবকা ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীক এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে।


স্মাৰক–পত্ৰত উল্লেখ কৰা মতে, প্ৰায়  ১২ কিলোমিটাৰ এলেকা ডবকা সংৰক্ষিত বনাঞ্চলৰ মাজেৰে গৈছে ৷ ৰাষ্ট্ৰীয় ঘাইপথটো ফ'ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথলৈ সম্প্ৰসাৰিত হ'লে এই চিৰসেউজ বনাঞ্চলখনৰ প্ৰায় ছয় সহস্ৰাধিক সৰু-বৰ মহামূল্যৱান গছ কাটি পেলাব লাগিব ৷


গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনক লৈ সমগ্ৰ বিশ্বই উদ্বিগ্নতা প্ৰকাশ কৰাৰ সময়ত পথ সম্প্ৰসাৰণৰ নামত ডবকা সংৰক্ষিত বনাঞ্চলৰ পৰা একেলগে ছয় সহস্ৰাধিক গছ কাটি পেলালে প্ৰাকৃতিক পৰিৱেশত বেয়াকৈ প্ৰভাৱ পৰিব।


আনহাতে ডবকা সংৰক্ষিত বনাঞ্চলখন বন্য জীৱ–জন্তুৰো এক অন্যতম বাসস্থান ৷ বনাঞ্চলখনত বৰ্তমানে হাতী, হলৌ বান্দৰ, গিবন, পহু, বনগাহৰি , বনৰীয়া ম'হ, নাহৰফুটুকী, বিভিন্ন প্ৰজাতিৰ বান্দৰ আৰু ধনেশকে আদি কৰি বিভিন্ন প্ৰজাতিৰ চৰাই–চিৰিকটিয়ে বসবাস কৰি আছে ৷


গতিকে বনাঞ্চলখনৰ পৰা ইমান বৃহৎ পৰিমাণৰ গছ যদি কাটি পেলোৱা হয়, এই জীৱকুলৰ প্ৰতিও চৰম ভাবুকি যে আহিব সেয়া আমি নুই কৰিব নোৱাৰো ৷ উল্লেখ্য, সম্প্ৰসাৰণ হ'বলৈ  যোৱা ৰাষ্ট্ৰীয় ঘাইপথটো ডবকা সংৰক্ষিত বনাঞ্চলৰ পৰিৱৰ্তে ইয়াৰ কাষেৰে অৰ্থাৎ ডবকাৰ দীঘলজাৰুণি বনগাঁও, টঙীয়া, হীৰাগাঁও, তপতজুৰি গাঁৱৰ মাজেৰে গৈ হালধিআটীত লাগিলে পথো নিৰ্মাণ হ'ব আৰু বনাঞ্চলখনো সম্পূৰ্ণৰূপে সুৰক্ষিত হ'ব ৷

Published by:Gautam Barman
First published: