‘জাতিৰ বাবে গুলী খাই মৰিবলৈও সাজু, জে’ললৈ যাবলৈও সাজু, জে’লত কম্বল থৈ আহিছো’ – এই মন্তব্য বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাৰ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে মঙলবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শৃংখল চলিহাক। কিন্তু দল–সংগঠনৰ প্ৰবল প্ৰতিবাদত সেও মানি নিশা শিৱসাগৰ আৰক্ষীয়ে মুকলি কৰি দিয়ে শৃংখল চলিহাক।
মুক্ত হৈয়েই পুনৰ শৃংখল চলিহাৰ হুংকাৰ – CABৰ বিৰুদ্ধে অব্যাহত থাকিব প্ৰতিবাদ। তাৰ বাবে প্ৰয়োজনত গুলী খাই মৰিবলৈও সাজু, জে’লত যাবলৈও সাজু। কিন্তু কোনো কাৰণতে মানি লোৱা নহ’ব নাগৰিকত্ব সংশোধনী বিধেয়ক।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : December 11, 2019, 09:47 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।