মুখ্যপৃষ্ঠা »খবৰ »অসম »নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাটো প্ৰায় নিশ্চিত, অসাৰ হোৱাৰ দিশে অসমৰ দল–সংগঠনৰ প্ৰতিবাদ!

নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাটো প্ৰায় নিশ্চিত, অসাৰ হোৱাৰ দিশে অসমৰ দল–সংগঠনৰ প্ৰতিবাদ!

ৰাজ্যসভাত সংখ্যাৰে জোৰেৰে এইবাৰ শাসকীয় দলটোৱে অনায়াসে গৃহীত কৰিব পাৰিব বিতৰ্কিত বিধেয়কখন।

ৰাজ্যসভাত সংখ্যাৰে জোৰেৰে এইবাৰ শাসকীয় দলটোৱে অনায়াসে গৃহীত কৰিব পাৰিব বিতৰ্কিত বিধেয়কখন।

  • Share this:
    নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমৰ দল–সংগঠনৰ প্ৰতিবাদ অসাৰ হোৱাৰ দিশে। কাৰণ সংসদৰ শীতকালীন অধিৱেশনত এই বিধেয়কখন গৃহীত হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। ৰাজ্যসভাত সংখ্যাৰে জোৰেৰে এইবাৰ শাসকীয় দলটোৱে অনায়াসে গৃহীত কৰিব পাৰিব বিতৰ্কিত বিধেয়কখন।

    এইবাৰৰ সংসদৰ শীতকালীন অধিবেশনত ৰাজ্যসভাৰ সৰ্বমুঠ সদস্য সংখ্যা ২৩৮জন (সৰ্বমুঠ ২৪৫খন আসনৰ ৭খন আসন খালী হৈ আছে)। তাৰে ৪ জন মনোনীত সদস্যৰ ভোটদানৰ অধিকাৰ নাই। তেনে স্থলত ভোট দিব পৰা সদস্যৰ সংখ্যা হ’ল ২৩৪জন।

    গতিকে নাগৰিকত্ব সংশোধনী বিধেয়কখন ৰাজ্যসভাত গৃহীত কৰিবলৈ বিজেপিক লাগিব ১১৮জন সাংসদ। ৰাজ্যসভাত বিজেপিৰে গঠিত এন ডি এৰ সদস্যৰ সংখ্যা হৈছে ১১০জন আৰু সমৰ্থন আছে BJD, TRS আৰু YSRCPৰ ১৫জন সদস্যৰ। গতিকে বিজেপিৰ হাতত লিখিত ৰূপত এই মুহূৰ্তত ১২৫জন সদস্য আছে।

    আনহাতে, কংগ্ৰেছৰ নেতৃত্বত গঠিত UPAৰ সদস্য সংখ্যা হৈছে ৬৩জন আৰু NDA আৰু UPAৰ বাহিৰৰ সদস্যৰ সংখ্যা হৈছে ৪৬। এই ৪৬জনৰ গোটেইকেইজনে UPAৰ পক্ষত বিধেয়কখনৰ বিৰূদ্ধে ভোটদান কৰিলেও এই সংখ্যা হ’বগৈ ১০৯।

    UPAৰ অংশীদাৰী দলকেইটাৰ লগতে অন্যান্য দলৰ গোটেইকেইজনৰ বিধেয়কৰ ভোট সুনিশ্চিত কৰাৰ পিছতো বিধেয়কখন গৃহীত নকৰিবলৈ প্ৰয়োজন হ’ব আৰু ৯জন সদস্যৰ ভোটৰ। NDAৰ বিৰূদ্ধে গৈ বিধেয়কৰ বিৰূদ্ধে ভোট দিয়াৰ সম্ভাৱনা আছে মাত্ৰ জেডি (ইউ) ৬জন সদস্য আৰু অগপৰ এজন সদস্যৰ।

    কিন্তু অন্যান্যৰ ভালেকেইজন সদস্যই বিধেয়কৰ সপক্ষে ভোট দিয়া তথা অনুপস্থিত থাকি আওপকীয়াকৈ শাসক দলটোক সমৰ্থন কৰাৰ বহুখিনি সম্ভাৱনা আছে। তেনেস্থলত বিধেয়কখন গৃহীত হোৱাটো ১০০ শতাংশই খাটাং বুলি ধাৰণা কৰা হৈছে।

    NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

    শেহতীয়া বাতৰি