CABৰ বিৰুদ্ধে যোৰহাটত স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল হাজাৰ হাজাৰ লোক

News18 Assam | News18-Assam
Updated:December 9, 2019, 2:57 PM IST
CABৰ বিৰুদ্ধে যোৰহাটত স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল হাজাৰ হাজাৰ লোক
হাতে হাতে বেনাৰ–পোষ্টাৰ লৈ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিলে বিধেয়কখনৰ বিৰুদ্ধে। পুৰুষ–মহিলা সকলোৱে পুৱাই ওলাই আহিল প্ৰতিবাদ সাব্যস্ত কৰিবলৈ।

হাতে হাতে বেনাৰ–পোষ্টাৰ লৈ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিলে বিধেয়কখনৰ বিৰুদ্ধে। পুৰুষ–মহিলা সকলোৱে পুৱাই ওলাই আহিল প্ৰতিবাদ সাব্যস্ত কৰিবলৈ।

  • Share this:
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে আন্দোলন–প্ৰতিবাদ। অসমৰ সকলো স্তৰৰ ৰাইজৰ লগতে দল–সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি আন্দোলন অব্যাহত ৰাখিছে। আজি কেইবাটাও সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতাৰে আহ্বান জনাইছিল অসম বন্ধৰ। ৰাজ্যৰ বিভিন্ন স্থানত দেখা গ’ল বন্ধৰ সৰ্বাত্মক প্ৰভাৱ।

কেৱল সংগঠনেই নহয়, CAB বিৰোধী আন্দোলনত জড়িত হৈ পৰিছে ৰাজ্যৰ সৰ্বস্তৰৰ লোক। সকলোৱে একেমুখে এই বিধেয়কখনৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে।



যোৰহাটত আজি দেখা গ’ল CAB বিৰুদ্ধে বিশাল প্ৰতিবাদী সমদল। বিধেয়কখনৰ বিৰুদ্ধে ওলাই আহিল হাজাৰ হাজাৰ লোক।



কোনো দল–সংগঠনৰ বেনাৰ নহয়, CABৰ বিৰোধিতাৰে স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহিল যোৰহাটবাসী।



হাতে হাতে বেনাৰ–পোষ্টাৰ লৈ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিলে বিধেয়কখনৰ বিৰুদ্ধে। পুৰুষ–মহিলা সকলোৱে পুৱাই ওলাই আহিল প্ৰতিবাদ সাব্যস্ত কৰিবলৈ।

বিধেয়কখনৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তোলে যোৰহাটৰ আকাশ–বতাহ। সকলোৱে একেলগে এই বিধেয়কখনৰ বিৰুদ্ধে বিৰোধিতা কৰে।
First published: December 9, 2019, 2:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading