গোলাঘাটতো নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। গোলাঘাট নগৰত একেলগে জ্বলিল ৬ মন্ত্ৰীৰ পুত্তলিকা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিত্ত মন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অতুল বৰা, কেশৱ মহন্তৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদে।
নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ। বিভিন্ন চৰকাৰবিৰোধী শ্লোগানেৰে প্ৰতিবাদকাৰীয়ে উত্তপ্ত কৰি তোলে পৰিৱেশ।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : December 05, 2019, 10:45 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|