মুখ্যপৃষ্ঠা »খবৰ »অসম »CABৰ জুয়ে দহিছে ৰাজ্য, যুদ্ধংদেহী ৰূপত ৰাজপথত দল–সংগঠন, লাষ্টগে’টত KMSSৰ উত্তাল প্ৰতিবাদ

CABৰ জুয়ে দহিছে ৰাজ্য, যুদ্ধংদেহী ৰূপত ৰাজপথত দল–সংগঠন, লাষ্টগে’টত KMSSৰ উত্তাল প্ৰতিবাদ

আছুৰ সৈতে ঐক্যবদ্ধ আন্দোলনৰো পোষকতা কৰে অখিল গগৈয়ে। এয়া অসমৰ সকলো জাতীয়–জনগোষ্ঠীয় সংগঠন ঐক্যবদ্ধ হোৱাৰ সময় বুলি মন্তব্য কৰে অখিল গগৈয়ে।

আছুৰ সৈতে ঐক্যবদ্ধ আন্দোলনৰো পোষকতা কৰে অখিল গগৈয়ে। এয়া অসমৰ সকলো জাতীয়–জনগোষ্ঠীয় সংগঠন ঐক্যবদ্ধ হোৱাৰ সময় বুলি মন্তব্য কৰে অখিল গগৈয়ে।

  • Share this:
নাগৰিকত্ব সংশোধনী বিধেয়কৰ জুয়ে দহিছে অসম। কেন্দ্ৰীয় কেবিনেটে বিধেয়কখনত অনুমোদন জনোৱাৰ পিছত অধিক তীব্ৰতৰ হৈ উঠিছে দল–সংগঠনৰ আন্দোলন। প্ৰবল প্ৰতিবাদত কঁপিছে উজনি–নামনি।

আজি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মহানগৰীৰ লাষ্টগে’ট প্ৰতিবাদত নামিল কৃষক মুক্তি সংগ্ৰাম সমিতি। হাতে হাতে CABবিৰোধী বেনাৰ–পোষ্টাৰ লৈ সহস্ৰাধিক প্ৰতিবাদীয়ে কঁপাই তুলিলে দিছপুৰৰ লাষ্টগে’ট। কোনো কাৰণতে এই জাতিধ্বংসী বিধেয়কখন মানি লোৱা নহ’ব বুলি চৰকাৰক কঠোৰ সকীয়নি দিলে প্ৰতিবাদকাৰীয়ে।

প্ৰতিবাদস্থলীত কৃষক নেতা অখিল গগৈয়ে কয় – ‘১৭ বাৰ আক্ৰমণ কৰিও মোগলে অসম দখল কৰিব পৰা নাছিল। ২০২১ চনত অসম আৰু গেৰুৱা হৈ নাথাকে। অসমৰ মানুহে বিজেপিৰ ষড়যন্ত্ৰ ভালকৈয়ে বুজি পাইছে। কেব গৃহীত হ’লেও এজনো বিদেশীক অসমৰ মাটিত থাকিবলৈ দিয়া নহ’ব।’



আছুৰ সৈতে ঐক্যবদ্ধ আন্দোলনৰো পোষকতা কৰে অখিল গগৈয়ে। এয়া অসমৰ সকলো জাতীয়–জনগোষ্ঠীয় সংগঠন ঐক্যবদ্ধ হোৱাৰ সময় বুলি মন্তব্য কৰে অখিল গগৈয়ে। অখিল গগৈৰ সকীয়নি – ‘নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে আন্দোলনৰ লগতে সমান্তৰালভাৱে চলিব আইনী যুঁজো। ইয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব কৃষক মুক্তি সংগ্ৰাম সমিতি। দুৰ্বল নহ’ব ৰাজপথৰ আন্দোলনো। অসমৰ বাবে সকলো ত্যাগৰ বাবে সাজু আছে কৃষক মুক্তি।’

আনহাতে, গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে প্ৰতিবাদ। যোৰহাট, গোৱালপাৰা, ডিব্ৰুগড়কে ধৰি ৰাজ্যৰ আন প্ৰান্ততো বিভিন্ন দল–সংগঠনে বিধেয়কখনৰ বিৰোধিতাৰে সাব্যস্ত কৰিছে প্ৰতিবাদ। প্ৰতিবাদকাৰীৰ চৰকাৰবিৰোধী শ্লোগানত মুখৰ হৈ পৰিছে আকাশ–বতাহ।



গোৱালপাৰাৰ কৃষ্ণাইত মহানগৰীত প্ৰতিবাদ কৰিবলৈ অহা ৯৮জন প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে। তিনিখন বাছসহ কৃষক মুক্তিৰ সদস্যসকলক আটক কৰে কৃষ্ণাই আৰক্ষীয়ে। লাষ্টগে’টৰ প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ আহিছিল প্ৰতিবাদকাৰীসকল।

উল্লেখযোগ্য যে, বুধবাৰে কেন্দ্ৰীয় কেবিনেটে বিধেয়কখনত অনুমোদন জনোৱাৰ পিছতে ৰণচণ্ডী মূৰ্তি ধাৰণ কৰিছে CABবিৰোধী সংগঠনসমূহে। সোমবাৰে লোকসভাত উত্থাপন হ’ব নাগৰিকত্ব সংশোধনী বিধেয়ক। লোকসভাত গৃহীত হোৱাৰ পিছত মঙলবাৰে ৰাজ্যসভাত উত্থাপন হ’ব বিতৰ্কিত বিধেয়কখন।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

শেহতীয়া বাতৰি