অসমবিৰোধী প্ৰতিজনৰ নিদ্ৰা হৰণ কৰিবলৈ ওলাই আহক – ৰাইজলৈ জুবিনৰ আহ্বান

News18 Assam | News18-Assam
Updated:January 7, 2020, 6:20 PM IST
অসমবিৰোধী প্ৰতিজনৰ নিদ্ৰা হৰণ কৰিবলৈ ওলাই আহক – ৰাইজলৈ জুবিনৰ আহ্বান
Photo : telegraphindia.com

নিজৰ ফেচবুক পেজযোগে ৰাইজলৈ আহ্বান জনাই জুবিনে লিখিছে – ‘সকলোলৈ আহ্বান, নিজৰ ঘৰত থকা যিকোনো থলুৱা বাদ্য হাতত লৈ আপোনালোক ওলাই আহক৷’

  • Share this:
ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনবিৰোধী প্ৰতিবাদ। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ৯ জানুৱাৰীৰ দিনৰ ১১ বজাৰ পৰা গুৱাহাটী ৰ’টাৰীৰ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তিৰ সমুখত ‘ৰণশিঙা’ নামৰ এক প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে৷ অসমৰ জনগোষ্ঠীয় সংগঠনসমূহ, শিল্পী সমাজেও অংশগ্ৰহণ কৰিব এই কাৰ্যসূচীত। এই কাৰ্যসূচীত সকলোকে যোগদান কৰিবলৈ আহ্বান জনাইছে জুবিন গাৰ্গে।

নিজৰ ফেচবুক পেজযোগে ৰাইজলৈ আহ্বান জনাই জুবিনে লিখিছে – ‘সকলোলৈ আহ্বান, নিজৰ ঘৰত থকা যিকোনো থলুৱা বাদ্য হাতত লৈ আপোনালোক ওলাই আহক৷ ৰাইজৰ সমূহীয়া নিনাদেৰে অসমবিৰোধী প্ৰতিজনৰ নিদ্ৰাহৰণ কৰিবলৈ আপোনালোক ওলাই আহক৷’


NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি