নগাঁৱত প্ৰতিবাদকাৰী-আৰক্ষীৰ হতাহতি, AJYCPৰ প্ৰতিবাদী নেতা-কৰ্মীক আটক আৰক্ষীৰ

News18 Assam | News18-Assam
Updated:January 11, 2020, 12:45 PM IST
নগাঁৱত প্ৰতিবাদকাৰী-আৰক্ষীৰ হতাহতি, AJYCPৰ প্ৰতিবাদী নেতা-কৰ্মীক আটক আৰক্ষীৰ
আৰক্ষীয়ে AJYCPৰ নেতা প্ৰাগজ্যোতিষ বণিয়া, কাশ্যপ ফুকনৰ লগতে কেইবাগৰাকীও সদস্যক আটক কৰি সদৰ থানালৈ লৈ যায়।

আৰক্ষীয়ে AJYCPৰ নেতা প্ৰাগজ্যোতিষ বণিয়া, কাশ্যপ ফুকনৰ লগতে কেইবাগৰাকীও সদস্যক আটক কৰি সদৰ থানালৈ লৈ যায়।

  • Share this:
কেন্দ্ৰীয় চৰকাৰে ১০ জানুৱাৰীৰ পৰা দেশত নাগৰিকত্ব সংশোধনী আইন প্ৰণয়ণ কৰাৰ বিৰুদ্ধে আজি নগাঁও চহৰত ক'লা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ স্যবস্ত কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে। সংগঠনটোৰ সদস্য সকলে ‘CAA আমি নামানো’ শ্লোগান দি নগাঁও চহৰৰ নতুন বজাৰৰ পৰা জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ প্ৰতিবাদী সমদল বাহিৰ কৰে।

কিন্তু নগাঁও মহাবিদ্যালয়ৰ সন্মুখত আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ দলে সংগঠনটোৰ সদস্যসকলক বাধা প্ৰদান কৰে। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰো সৃষ্টি হয়। আৰক্ষীয়ে AJYCPৰ নেতা প্ৰাগজ্যোতিষ বণিয়া, কাশ্যপ ফুকনৰ লগতে কেইবাগৰাকীও সদস্যক আটক কৰি সদৰ থানালৈ লৈ যায়। ইপিনে শান্তিপূৰ্ণ প্ৰতিবাদকাৰীক এইদৰে বাট আগচি আটক কৰা কাৰ্যক অগণতান্ত্ৰিক বুলিও মন্তব্য কৰে সংগঠনটোৰ জিলা সভাপতি দীপমণি বৰাই।

NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি