সৰ্বানন্দ সোণোৱাল–হিমন্ত বিশ্ব শৰ্মাক দেখাৰ লগে লগে বৰ্ষাপাৰা ষ্টেডিয়ামত উঠিল GO BACK ধ্বনি, চাওক VIDEO

News18 Assam | News18-Assam
Updated:January 6, 2020, 3:04 PM IST
সৰ্বানন্দ সোণোৱাল–হিমন্ত বিশ্ব শৰ্মাক দেখাৰ লগে লগে বৰ্ষাপাৰা ষ্টেডিয়ামত উঠিল GO BACK ধ্বনি, চাওক VIDEO
ষ্টেডিয়ামৰ ডাঙৰ পৰ্দাত সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক দেখাৰ লগে লগে একাংশ দৰ্শকে ‘সৰ্বানন্দ সোণোৱাল গ’ বেক’, ‘হিমন্ত বিশ্ব শৰ্মা গ’ বেক’ ধ্বনি দিবলৈ আৰম্ভ কৰে।

ষ্টেডিয়ামৰ ডাঙৰ পৰ্দাত সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক দেখাৰ লগে লগে একাংশ দৰ্শকে ‘সৰ্বানন্দ সোণোৱাল গ’ বেক’, ‘হিমন্ত বিশ্ব শৰ্মা গ’ বেক’ ধ্বনি দিবলৈ আৰম্ভ কৰে।

  • Share this:
দেওবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামতো দেখা গ’ল নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ। ভাৰত–শ্ৰীলংকাৰ T–20 খেল প্ৰত্যক্ষ কৰাৰ বাবে ষ্টেডিয়ামত উপস্থিত আছিল হাজাৰ হাজাৰ দৰ্শক। খেল চাবলৈ ষ্টেডিয়ামত আসন গ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

ষ্টেডিয়ামৰ ডাঙৰ পৰ্দাত সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক দেখাৰ লগে লগে একাংশ দৰ্শকে ‘সৰ্বানন্দ সোণোৱাল গ’ বেক’, ‘হিমন্ত বিশ্ব শৰ্মা গ’ বেক’ ধ্বনি দিবলৈ আৰম্ভ কৰে। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’।


আনহাতে, গামোচাত CAA বিৰোধী শ্লোগান লিখিও ষ্টেডিয়ামৰ ভিতৰত প্ৰতিবাদ কৰা দেখা গ’ল একাংশ দৰ্শকক। অসমৰ কণ্ঠ ৰাষ্ট্ৰীয় মঞ্চত তুলি ধৰাৰ প্ৰয়াস কৰে একাংশ দৰ্শকে।


NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি