CAAৰ বিৰুদ্ধে আজি আছুৰ ‘ৰণশিঙা’, অংশগ্ৰহণ কৰিব শিল্পী সমাজেও

News18 Assam | News18-Assam
Updated:January 9, 2020, 7:50 AM IST
CAAৰ বিৰুদ্ধে আজি আছুৰ ‘ৰণশিঙা’, অংশগ্ৰহণ কৰিব শিল্পী সমাজেও
পূৰ্বেই এই প্ৰতিবাদী কাৰ্যসূচীত সকলোকে যোগদান কৰিবলৈ আহ্বান জনাইছিল জুবিন গাৰ্গে।

পূৰ্বেই এই প্ৰতিবাদী কাৰ্যসূচীত সকলোকে যোগদান কৰিবলৈ আহ্বান জনাইছিল জুবিন গাৰ্গে।

  • Share this:
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আজি ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ ‘ৰণশিঙা’। জিলাই জিলাই আছুৱে সাব্যস্ত কৰিব প্ৰতিবাদ। ‘ৰণশিঙা’ত অংশগ্ৰহণ কৰিব শিল্পী সমাজেও। মহানগৰীৰ গুৱাহাটী ক্লাবত আছু আৰু শিল্পী সমাজে সাব্যস্ত কৰিব প্ৰতিবাদ। লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তিৰ সমুখত হ’ব প্ৰতিবাদ। থলুৱা বাদ্য হাতত লৈ প্ৰতিবাদত অংশগ্ৰহণ কৰিব প্ৰতিবাদকাৰীয়ে।

এই প্ৰতিবাদত অংশগ্ৰহণ কৰিব অসমৰ জনগোষ্ঠীয় সংগঠনসমূহেও। পূৰ্বেই এই প্ৰতিবাদী কাৰ্যসূচীত সকলোকে যোগদান কৰিবলৈ আহ্বান জনাইছিল জুবিন গাৰ্গে। নিজৰ ঘৰত থকা যিকোনো থলুৱা বাদ্য হাতত লৈ ওলাই আহিবলৈ আহ্বান জনাইছিল জুবিনে। সমূহীয়া নিনাদেৰে অসমবিৰোধী প্ৰতিজনৰ নিদ্ৰাহৰণ কৰিবলৈ ওলাই অহাৰ আহ্বান জুবিনৰ।

NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
Published by: Sanjay Kumar Das
First published: January 9, 2020, 7:50 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading