‘জীৱন দি হ’লেও নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প হ’বলৈ নিদিও’

News18 Assam | News18-Assam
Updated:November 28, 2019, 4:20 PM IST
‘জীৱন দি হ’লেও নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প হ’বলৈ নিদিও’
অসম জাতীয়তাবাদী যুৱ পৰিষদৰ নেতৃত্বত আৰু ২৪টা সংগঠনৰ সহযোগত আজিৰ পৰা আৰম্ভ হৈছে এই কঠোৰ সংগ্ৰাম। 

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ নেতৃত্বত আৰু ২৪টা সংগঠনৰ সহযোগত আজিৰ পৰা আৰম্ভ হৈছে এই কঠোৰ সংগ্ৰাম। 

  • Share this:
লখিমপুৰত দবা-শংখ বজাই ৰণধ্বনি দি NHPCৰ বিৰুদ্ধে পুনৰ আৰম্ভ হৈছে প্ৰৱল প্ৰতিবাদ। সমুহীয়া মুণ্ডন কৰি
জীৱন দি হ’লেও নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সম্পূৰ্ণ হ’বলৈ নিদিও
বুলি সংকল্প ল’লে প্ৰতিবাদকাৰীয়ে।

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ নেতৃত্বত আৰু ২৪টা সংগঠনৰ সহযোগত আজিৰ পৰা আৰম্ভ হৈছে এই কঠোৰ সংগ্ৰাম। 

ছদিনীয়া প্ৰতিবাদী কাৰ্যসূচীৰে লখিমপুৰত আৰম্ভ হৈছে NHPCৰ বিৰুদ্ধে এই আন্দোলন। প্ৰথম দিনাই ডবা–শংখ বজাই ৰণধ্বনি দি সমূহীয়া মুণ্ডন কৰিলে প্ৰতিবাদকাৰীয়ে। এই প্ৰতিবাদত আমছু, কোঁচ–ৰাজবংশী ছাত্ৰ সন্থা, মানৱ অধিকাৰ সংগ্ৰাম সমিতি, প্ৰাক্তন  আলফা সমন্বয়ৰক্ষী সমিতিকে ধৰি মুঠ ২৪টা জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত নৈপৰীয়া ৰাইজে প্ৰতিবাদ কৰে। 

প্ৰতিবাদকাৰীয়ে NHPCৰ গেৰুকামুখত নিৰ্মানৰত বৃহৎ নদীবান্ধ 'নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্প' বন্ধ কৰাৰ দবী জনাই উল্লেখ কৰে যে-
বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে বিৰোধিতা কৰা বান্ধ এতিয়া সম্পূৰ্ণ কৰাৰ অনুমতি দিছে। জাতীয় নায়কৰ নেতৃত্বত থকা চৰকাৰ খনে অন্তত: নৈপৰীয়া লোকৰ জীৱন সম্পত্তিৰ কথা এবাৰ হ’লেও ভাবিব লাগিছিল




উল্লেখযোগ্য যে ২০০১ চনৰ পৰা নিৰ্মান কৰিবলৈ লোৱা নামনি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে ২০০৯ চনৰ পৰাই আছু,কৃষকমুক্তি অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদকে ধৰি অসমৰ সকলো সংগঠনে প্ৰকল্পটো বন্ধৰ দাবীত আন্দোলন আৰম্ভ কৰাৰ পিছত ২০১৩ চনত সেউজ ন্যায়ধীকৰনৰ নিৰ্দেশত নিৰ্মান কাৰ্য বন্ধ কৰিবলৈ বাধ্য হৈছিল NHPC।
পৰৱৰ্তী সময়ত বিজেপি চৰকাৰে সেউজ ন্যায়াধিকৰনৰ গোচৰ খাৰিজ হোৱাৰ পিছতে পাভলুতি মাৰি জলবোমা সদৃশ নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্প সম্পুৰ্ন কৰিবলৈ উঠিপৰি লাগে। অনাগত ছটা দিন ধাৰাবাহিক প্ৰতিবাদৰ পিছত চৰকাৰ আৰু NHPC কৰ্তৃপক্ষই বিষয়টো কিমান গুৰুত্ব দিয়ে সেয়া লক্ষণীয় হ'ব।

(লখিমপুৰৰ পৰা সঞ্জীৱ লাহনৰ প্ৰতিবেদন)
আৰু চাওক
পৰৱৰ্তী বাতৰি