বাঘৰ ধৰ্ম কি? এইবাৰ বাঘক যোগান ধৰিবলৈ অনা গো-মাংসৰ বাহন আবদ্ধ কৰি প্ৰতিবাদ সাব্যস্ত হিন্দুত্ববাদী সংগঠনৰ

গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানাত অথন্তৰ।
গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানাত অথন্তৰ।
- News18 Assam
- Last Updated: October 12, 2020, 4:50 PM IST
গো মাংস অনা গাড়ী আবদ্ধ কৰি চিৰিয়াখানাত গো মাংসৰ যোগান বন্ধ কৰাৰ দাবী জনালে হিন্দুত্ববাদী সংগঠন কেইটাৰ নেতা কৰ্মীয়ে। গো-মাংসৰ পৰিৱৰ্তে অন্য মাংস যোগান ধৰাৰ দাবী জনাই সংগঠনকেইটাৰ নেতা কৰ্মীসকলে। প্ৰয়োজনত চৰকাৰৰ গাইড লাইন সলনি কৰি হলেও অন্য মাংস যোগান ধৰাৰ দাবী সংগঠনকেইটাৰ।
ইফালে একাংশই গাড়ীত উঠিলৈও সংগঠনৰ পতাকা জোকাৰি প্ৰতিবাদ সাব্যস্ত কৰে। পিছত আৰক্ষী প্ৰতিবাদস্থলীত উপস্থিতহৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ইফালে প্ৰতিবাদৰ ফলত ৰাজপথত ব্যাপক যান-জঁট সৃষ্টি হোৱাও পৰিলক্ষিত হয়।