এগৰাকী যুৱতীক দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা কৰা ঘটনাৰ ন্যায় বিচাৰি আজি বাক্সাৰ বাগানপাৰাৰ ৰাজপথ উত্তাল হৈ পৰে৷ পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰী আৰু মহিলাই হত্যাকাৰীক কৰায়ত্ত কৰাৰ দাবীত গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী৷ আছা, আছু আৰু এবছুৰ উদ্যোগত গ্ৰহণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী।
উল্লেখযোগ্য যে যোৱা দেওবাৰে বাক্সা জিলাৰ বাগানপাৰাত এগৰাকী ২২ বছৰীয়া যুৱতীক দলৱদ্ধ ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰিছিল৷ সোমবাৰে ধাননিৰ মাজত উদ্ধাৰ হৈছিল যুৱতীগৰাকীৰ মৃতদেহ৷ এই ঘটনাক লৈ সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছিল চাঞ্চল্য৷ কিন্তু হত্যাকাণ্ডৰ ২৪ ঘণ্টা উকলি যোৱাৰ পিছতো আৰক্ষীয়ে কোনো এজন অপৰাধীকে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই৷ যাৰ পৰিপ্ৰেক্ষিতত আজি আছা, আছু আৰু এবছুৰ নেতৃত্বত পাঁচ শতাধিক লোকে সাব্যস্ত কৰে প্ৰতিবাদ৷
হত্যাৰ বলি হোৱা যুৱতীগৰাকীৰ ঘৰৰ পৰা বাগানপাৰাৰ ৰাজপথেৰে সমদল বাহিৰ কৰে প্ৰতিবাদকাৰীসকলে। সমদলক নেতৃত্ব দিয়া আদিবাসী ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ডেভিদ তিৰ্কীয়ে শীঘ্ৰে আৰক্ষী–প্ৰশাসনক দোষীক কৰায়ত্ত কৰি ভুক্তভোগী পৰিয়ালটোক ন্যায় দিবলৈ দাবী জনাইছে৷
ইফালে প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ বাক্সা জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক কংকন জ্যোতি শৰ্মাই দোষীক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়৷ উল্লেখযোগ্য যে বৰবৰী আৰক্ষীয়ে সোধা–পোছাৰ বাবে তিনিজন যুৱকক আটক কৰি আনিছে যদিও বৰ্তমানলৈ পোহৰলৈ অহা নাই অভিযুক্তৰ তথ্য৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|