• Home
  • »
  • News
  • »
  • assam
  • »
  • আইমী বৰুৱাৰ ‘চেমখৰ’ক লৈ তীব্ৰ বিতৰ্ক, ডিমা হাছাওত প্ৰতিবাদ, ছচিয়েল মিডিয়াত আইমীয়ে প্ৰকাশ কৰিলে নিজৰ প্ৰতিক্ৰিয়া

আইমী বৰুৱাৰ ‘চেমখৰ’ক লৈ তীব্ৰ বিতৰ্ক, ডিমা হাছাওত প্ৰতিবাদ, ছচিয়েল মিডিয়াত আইমীয়ে প্ৰকাশ কৰিলে নিজৰ প্ৰতিক্ৰিয়া

ছবিখনত আইমী বৰুৱাই চেমখৰ ডিমাচাসকলৰ জীৱনক লৈ মিছা আৰু ভিত্তিহীন তথ্য সন্নিৱিষ্ট কৰাৰ অভিযোগ উত্থাপন হৈছে। যাক লৈ এতিয়া ক্ষুব্ধ হৈ পৰিছে ডিমা হাচাওৰ একাংশ লোক।

ছবিখনত আইমী বৰুৱাই চেমখৰ ডিমাচাসকলৰ জীৱনক লৈ মিছা আৰু ভিত্তিহীন তথ্য সন্নিৱিষ্ট কৰাৰ অভিযোগ উত্থাপন হৈছে। যাক লৈ এতিয়া ক্ষুব্ধ হৈ পৰিছে ডিমা হাচাওৰ একাংশ লোক।

ছবিখনত আইমী বৰুৱাই চেমখৰ ডিমাচাসকলৰ জীৱনক লৈ মিছা আৰু ভিত্তিহীন তথ্য সন্নিৱিষ্ট কৰাৰ অভিযোগ উত্থাপন হৈছে। যাক লৈ এতিয়া ক্ষুব্ধ হৈ পৰিছে ডিমা হাচাওৰ একাংশ লোক।

  • Share this:
আইমী বৰুৱাৰ বহুচৰ্চিত ‘চেমখৰ’ ছবিখনক লৈ এতিয়া সৃষ্টি হৈছে বিতৰ্ক। ছবিখনত আইমী বৰুৱাই চেমখৰ ডিমাচাসকলৰ জীৱনক লৈ মিছা আৰু ভিত্তিহীন তথ্য সন্নিৱিষ্ট কৰাৰ অভিযোগ উত্থাপন হৈছে। যাক লৈ এতিয়া ক্ষুব্ধ হৈ পৰিছে ডিমা হাচাওৰ একাংশ লোক।

বৃহস্পতিবাৰে হাফলঙত আইমী বৰুৱাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সহস্ৰাধিক যুৱক–যুৱতী, পুৰুষ–মহিলাই। ছবিখনত বহু মিছা তথ্য সন্নিৱিষ্ট কৰাৰ অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে। ছবিখনত দেখুওৱা কেতবোৰ তথ্যৰ বাস্তৱত কোনো ভিত্তি নাই বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে। ইউনাইটেড ডিমাচা য়ুথৰ উদ্যোগত প্ৰতিবাদী সমদলত বিভিন্ন ৰাজনৈতিক দলৰ নেতা–কৰ্মীয়েও অংশগ্ৰহণ কৰে।



আইমী বৰুৱাৰ ‘চেমখৰ’ ছবিত দেখুওৱা হৈছে চেমখৰ জনগোষ্ঠীৰ এখন আদিম গাঁও। য’ত কন্যা সন্তান জন্ম দি মাকৰ মৃত্যু হ’লে সন্তানটিক জীৱন্তে মাটিত পুতি পেলোৱা হয়। এনেধৰণৰ কোনো নিয়ম নাই বুলি প্ৰতিবাদকাৰীসকলে মন্তব্য কৰি ইয়াৰ তীব্ৰ বিৰোধিতা কৰে। ‘চেমখৰ’ ছবিখন নিষিদ্ধ ঘোষণা কৰাৰো দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে।

ইফালে, চেমখৰ ছবিখনক লৈ বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছতে সামাজিক মাধ্যমত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আইমী বৰুৱাই। ছবিখনৰ কাহিনীভাগ ঠাইখনক আধাৰ হিচাপে লৈ আগবঢ়াই নিয়া হৈছে যদিও ইয়াৰ কাহিনী সকলো ফালৰ পৰাই কাল্পনিক বুলি উল্লেখ কৰিছে আইমীয়ে।



ছচিয়েল মিডিয়াত আইমী বৰুৱাই লিখিছে – ‘‘চেমখৰ ছবিখন কিছু কাকত-গ্ৰন্থ-আলোচনী আৰু কিছু ব্যক্তিৰ পৰা লাভ কৰা তথ্যৰে ঠাইখনক জানিবলৈ আমি আধাৰ হিচাবে লৈ কাহিনীভাগ আগবঢ়াই নিছো যদিও, ইয়াৰ কাহিনী সকলো ফালৰ পৰাই সম্পূৰ্ণ কাল্পনিক। ছবি খনৰ জৰিয়তে আমি কেতিয়াও কাৰো আৱেগ-স্বাভিমানক আঘাত কৰিব বিচৰা নাই। কেৱল মাত্ৰ ঠাইখিনিৰ সৌন্দৰ্য, স্থানীয় ভাষা, সাজ-পাৰ আদিক সমাজৰ দৃষ্টি আৰ্কষণ কৰা প্ৰয়াস কৰিছিলোঁ। তথাপিও যদি কাৰোবাক কোনো ক্ষেত্ৰত আঘাত দিছোঁ তাৰ বাবে আমি ক্ষমাপ্ৰাৰ্থী।’’
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি