মুখ্যপৃষ্ঠা »খবৰ »অসম »নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ডিফু চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য

নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ডিফু চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য

শীঘ্ৰে আৰম্ভ কৰা হ’ব নিযুক্তি প্ৰক্ৰিয়া। ডংকামোকামত এই ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

শীঘ্ৰে আৰম্ভ কৰা হ’ব নিযুক্তি প্ৰক্ৰিয়া। ডংকামোকামত এই ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

শীঘ্ৰে আৰম্ভ কৰা হ’ব নিযুক্তি প্ৰক্ৰিয়া। ডংকামোকামত এই ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

  • Share this:
    দেওবাৰে ৰাজ্যৰ স্বাস্থ্য,বিত্ত আৰু গড়কপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় ডংকামোকামত। উপস্থিত হৈয়ে অতি কমদিনৰ ভিতৰতে ৰাজ্য চৰকাৰৰ গড়কপ্তানী বিভাগে ‘কাৰ্বি আংলঙত মূল পাঁচটা ঘাইপথৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিব বুলি ঘোষণা কৰে। সেইদৰে নৱেম্বৰ মাহৰ পৰা প্ৰস্তাৱিত ডিফু চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ কথা জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। লগতে শীঘ্ৰে আৰম্ভ কৰা হ’ব নিযুক্তি প্ৰক্ৰিয়াও।

    পশ্চিম কাৰ্বি আংলং-মেঘালয় সীমা বিবাদক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই। সীমা বিবাদ সম্পৰ্কত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজত ইতিমধ্যে আলোচনা চলিছে। কোনো পৰিস্থিতিতে অসমৰ এক ইঞ্চিও মাটি মেঘালয়ক এৰি দিয়া নহ’ব বুলি জনাই হিমন্ত বিশ্ব শৰ্মাই।

    শেহতীয়া বাতৰি