মুখ্যপৃষ্ঠা »খবৰ »অসম »বৰাকৰ জনগোষ্ঠীৰ বাবে সুকীয়া উন্নয়ন পৰিষদৰ প্ৰস্তাৱেৰে বেচৰকাৰী বিল আনি বিতৰ্কত কৰিমউদ্দিন বৰভূঞা ...

বৰাকৰ জনগোষ্ঠীৰ বাবে সুকীয়া উন্নয়ন পৰিষদৰ প্ৰস্তাৱেৰে বেচৰকাৰী বিল আনি বিতৰ্কত কৰিমউদ্দিন বৰভূঞা ...

বৰাকত বসবাস কৰা মাৰ, ডিমাছা, কছাৰী আদি জনগোষ্ঠীয় লোকসকলৰ সৰ্বাংগীণ উন্নয়নৰ স্বাৰ্থত সুকীয়া সুকীয়া উন্নয়ন পৰিষদৰ দাবী তুলিলে AIUDFৰ সোণাই সমষ্টিৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই ৷ অসম বিধানসভাৰ মজিয়াত মংগলবাৰে এই দাবীত কৰিমউদ্দিনে আনে এক বেচৰকাৰী বিল ।

  • Share this:
বৰাকত বসবাস কৰা মাৰ, ডিমাছা, কছাৰী আদি জনগোষ্ঠীয় লোকসকলৰ সৰ্বাংগীণ উন্নয়নৰ স্বাৰ্থত সুকীয়া সুকীয়া উন্নয়ন পৰিষদৰ দাবী তুলিলে AIUDFৰ সোণাই সমষ্টিৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই ৷ অসম বিধানসভাৰ মজিয়াত মংগলবাৰে এই দাবীত কৰিমউদ্দিনে আনে এক বেচৰকাৰী বিল । কৰিমউদ্দিন বৰভূঞাই বেচৰকাৰী সদস্যৰ বিলখন অনাত তীব্ৰ বিৰোধিতা কৰে বৰাকৰ BJPৰ বিধায়কসকলে ৷ ফলত উত্তপ্ত হৈ পৰে সদন ৷ সদনৰ উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা কৰে অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে ৷

কৰিমউদ্দিনে অনা বিলৰ বিৰুদ্ধে সৰৱ হৈ উঠে কৃষ্ণেন্দ্ৰু পাল ৷  BJPৰ বিধায়ক বিজয় মালাকাৰেও তীব্ৰ বিৰোধিতা কৰে বিলখনৰ ৷  কংগ্ৰেছী বিধায়ক কমলাক্ষ দে পুৰুকায়স্থই দৰ্শাই নিজৰ যুক্তি দিয়ে ৷ শাসকীয় BJPৰ বৰাকৰ বিধায়কসকলে কিয় বিলখনৰ বিৰোধিতা কৰে বুলি দাবী কৰে CPIMৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে ৷ BJPৰ বিধায়ক কৌশিক ৰয়ে দিলে বিলখনৰ বিৰুদ্ধে যুক্তি ৷ AIUDFৰ বিধায়ক আমিনুল ইছলামে দিলে সুকীয়া উন্নয়ন পৰিষদৰ দাবীত নিজৰ যুক্তি ৷

কৰিমউদ্দিন বৰভূঞাই অনা বেচৰকাৰী সদস্যৰ বিলৰ উত্তৰত মন্ত্ৰী ৰণোজ পেগুয়ে ক'লে- সুকীয়া উন্নয়ন পৰিষদৰ কোনো প্ৰয়োজন নাই ৷ বৰাকৰ ৰাইজৰ সুবিধাৰ বাবে শিলচৰত নিৰ্মাণ কৰি থকা হৈছে মিনি ছেক্ৰেটাৰীয়েট ৷” পিছে ৰৈ নিদিলে কৰিমউদ্দিন বৰভূঞা । কৰিমউদ্দিনে ক'লে— “বৰাকৰ BJP বিধায়ক সকলে কিয় ট্ৰাইবেলৰ বাবে কথা কওতে বেয়া পায় ৷ কংগ্ৰেছৰ কমলাক্ষ দে পুৰুকায়স্থই কিয় বেয়া পায়?”

শেষত অধ্যক্ষই ল'লে বিলখনক লৈ ধ্বনিভোট ৷ ধ্বনিভোটত নাকচ হ'ল কৰিমউদ্দিন বৰভূঞাৰ বেচৰকাৰী সদস্যৰ বিলখন ৷

শেহতীয়া বাতৰি