নিৰ্বাচন আয়োগে উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতেই উপ–নিৰ্বাচনক কেন্দ্ৰ কৰি গোসাঁইগাঁৱত বিভিন্ন ৰাজনৈতিক দলৰ ভিন ভিন কাৰ্যপন্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। সকলো ৰাজনৈতিক দলে নিজ নিজ মনোনীত বা সমৰ্থিত প্রাৰ্থীক জয়ী কৰাবলৈ দৈনন্দিন বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। আন ৰাজনৈতিক দলৰ দৰে বিটিচি শাসন চলোৱা ইউ পি পি এল তথা মিত্ৰজোঁটো ব্যাপক তৎপৰ হৈ পৰিছে ৷
বিশেষকৈ বিগত চাৰিবাৰ জয়ী হৈ বিপিএফৰ দখলত থকা ২৮ নম্বৰ গোসাঁইগাঁও বিধানসভা সমষ্টিটো মিত্ৰজোঁটৰ দখললৈ নিবলৈ দেহে–কেহে লাগিছে মিত্ৰজোঁটৰ দলৰ নেতা-কৰ্মীসকল ৷ দলৰ তৃণমূল কৰ্মীক সক্ৰিয় কৰাৰ লগতে মহিলা কৰ্মীসকলোকো সক্ৰিয় কৰাৰ উদ্দেশ্যে আজি গোসাঁইগাঁৱত ইউ পি পি এলৰ কেন্দ্ৰীয় মহিলা কোষৰ এক কাৰ্যকৰী সভা অনুষ্ঠিত হয় ৷
গোসাঁইগাঁও জিলা মহিলা কোষৰ উদ্যোগত আয়োজিত সভাত উপস্থিত থাকি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কয়– ''যিবিলাক ঠিকাদাৰে বিগত সময়ত বিটিচি প্ৰধান, কাৰ্যবাহী সদস্য আনকি চৰকাৰী বিষয়াৰ চহী-ছীল জাল কৰিছে। সেই সকলোবোৰ ঠিকাদাৰ জে'লত যাব লাগিব। ইয়াৰ বাবে ইতিমধ্যে দহটা গোচৰ ৰুজু কৰা হৈছে। বিটিচিৰ শাসন যন্ত্ৰ কেতিয়াও ঠিকাদাৰৰ হাতত তুলি দিয়া নহয়। ঠিকাদাৰবোৰৰ এই কাৰ্য ৰাজনৈতিক যড়যন্ত্ৰ হ'বও পাৰে বুলি তেওঁ অৱগত কৰে।"
আনহাতে হাগ্ৰামা মহিলাৰী সন্দৰ্ভত প্ৰমোদ বড়োৱে কয় যে হাগ্ৰামা মহিলাৰীক সন্মান কৰোঁ। কিন্তু ৰাজনীতিত নীতি–আদৰ্শ থাকিব লাগে যদিও হাগ্ৰামা মহিলাৰীৰ কোনো নীতি–আদৰ্শ নাই ৷
শনিবাৰে গোসাঁইগাঁৱত ইউপিপিএল দলৰ মহিলা মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাত ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প, ভূমি সংৰক্ষণ আৰু অনুসূচিত জনজাতি (বিটিচি অঞ্চল) বিভাগৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিজেপি নেতা জিতু কিষাণ, ইউপিপিএল দলৰ কাৰ্যকৰী সভাপতি ৰণগৌৰা নাৰ্জাৰী আদিকে ধৰি কেইবাজনো নেতৃবৃন্দ উপস্থিত থাকে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|