বিশিষ্ট লেখিকা তথা সমাজকৰ্মী ড০ অনিমা গুহ আৰু নাই। লেখিকাগৰাকীয়ে আজি আবেলি ৩.২০ বজাত গুৱাহাটীৰ আৰ্য হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত গুহৰ বয়স আছিল ৯০ বছৰ। অসমৰ স্বনামধন্য চিন্তাবিদ প্ৰয়াত অমলেন্দু গুহৰ পত্নী ড০ অনিমা গুহৰ জন্ম হৈছিল ধুবুৰীত ১৯৩২ চনৰ ২৬ মাৰ্চত।
এক শৈক্ষিক আৰু সাংস্কৃতিক পৰিয়ালত ডাঙৰ–দীঘল হোৱা গুহই ১৯৫২ চনত উদ্ভিদ বিদ্যাত স্নাতক ডিগ্ৰী লাভ কৰে আৰু ড০ অমলেন্দু গুহৰে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত ১৯৬২ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা নৃতত্ত্ব বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৭৪ চনত তেওঁ পুনে বিশ্ববিদ্যালয়ৰ পৰা বংশগতি বিষয়ত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে।
ড০ গুহই বিভিন্ন প্ৰবন্ধ ৰচনাৰ মাজেৰে সাময়িক ঘটনাপ্ৰৱাহৰ ওপৰত মতামত ব্যক্ত কৰি অহাৰ লগতে অসমত নাৰীৰ স্বাধিকাৰ প্ৰতিষ্ঠাৰ আন্দোলনতো জড়িত হৈ পৰিছিল। তেওঁ নিৰ্যাতনবিৰোধী ঐক্য মঞ্চ নামৰ এক অৰাজনৈতিক সংগঠনৰ সভাপতি আছিল আৰু নাৰী স্বাধীনতাৰ হকে মাত মাতি আহিছিল।
সাহিত্যিক চৈয়দ আব্দুল মালিকৰ 'সূৰুযমুখীৰ স্বপ্ন' স্বামী অমলেন্দু গুহৰ সৈতে বঙালী ভাষালৈ লৈ অনুবাদ কৰাৰ লগতে হোমাৰ, তছলিমা নাচৰিণ, পাৰ্থ চট্টোপাধ্যায়, শৰত চন্দ্ৰ চট্টোপাধ্যায় আদি বহু লেখকৰ গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰিছিল। অসমত নাৰীবাদ চৰ্চাৰ বাটকটীয়া ড০ গুহৰ আত্মজীৱনীমূলক গ্ৰন্থ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি (প্ৰথম খণ্ড) আৰু বাকীছোৱা জীৱন (দ্বিতীয় খণ্ড)। ইয়াৰ লগতে তেওঁ আমেৰিকা ভ্ৰমণৰ ওপৰত লিখি উলিয়াইছিল তৃতীয় বিশ্ববাসিনীৰ আমেৰিকা দৰ্শন।
প্ৰচাৰবিমুখ ড০ অনিমা গুহই জীৱনৰ অৰ্ধেক কাল সামাজিক কাম–কাজৰ মাজেৰে পাৰ কৰিছিল। এনে এগৰাকী বিশিষ্ট নাগৰিকৰ মৃত্যুৱে শোকস্তব্ধ কৰিছে ৰাজ্যবাসীক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|