• Home
  • »
  • News
  • »
  • assam
  • »
  • বিশিষ্ট সাহিত্যিক অতুলানন্দ গোস্বামীৰ দেহাৱসান, জিএমচিএইচত শেষ নিশ্বাস ত্যাগ ‘নামঘৰীয়া’ৰ স্ৰষ্টাৰ

বিশিষ্ট সাহিত্যিক অতুলানন্দ গোস্বামীৰ দেহাৱসান, জিএমচিএইচত শেষ নিশ্বাস ত্যাগ ‘নামঘৰীয়া’ৰ স্ৰষ্টাৰ

মৃত্যুৰ সময়ত গোস্বামীৰ বয়স হৈছিল ৮৭ বছৰ। বিগত ১০ দিন ধৰি জিএমচিএইচত চিকিৎসাধীন হৈ আছিল বিশিষ্ট সাহিত্যিকগৰাকী।

মৃত্যুৰ সময়ত গোস্বামীৰ বয়স হৈছিল ৮৭ বছৰ। বিগত ১০ দিন ধৰি জিএমচিএইচত চিকিৎসাধীন হৈ আছিল বিশিষ্ট সাহিত্যিকগৰাকী।

মৃত্যুৰ সময়ত গোস্বামীৰ বয়স হৈছিল ৮৭ বছৰ। বিগত ১০ দিন ধৰি জিএমচিএইচত চিকিৎসাধীন হৈ আছিল বিশিষ্ট সাহিত্যিকগৰাকী।

  • Share this:
বিশিষ্ট সাহিত্যিক অতুলানন্দ গোস্বামীৰ দেহাৱসান। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ‘নামঘৰীয়া’ৰ স্ৰষ্টা গোস্বামীয়ে। মৃত্যুৰ সময়ত গোস্বামীৰ বয়স হৈছিল ৮৯ বছৰ। বিগত ১০ দিন ধৰি জিএমচিএইচত চিকিৎসাধীন হৈ আছিল বিশিষ্ট সাহিত্যিকগৰাকী। আজি পুৱতিনিশা ৪.৪০ বজাত শেষ নিশ্বাস ত্যাগ কৰে গোস্বামীয়ে।

উল্লেখযোগ্য যে গল্পকাৰ, অনুবাদক, ঔপন্যাসিক গোস্বামীৰ জন্ম হৈছিল ১৯৩৫ চনত। ২০১৩ত অতুলানন্দ গোস্বামীক অসম উপত্যকা সাহিত্য বঁটা প্ৰদান কৰা হৈছিল। ‘চেনেহ জৰীৰ গাঁথি’ৰ বাবে ২০০৬ চনত লাভ কৰিছিল সাহিত্য অকাডেমী বঁটা। ‘নামঘৰীয়া’৸ গোস্বামীৰ আন এখন কালজয়ী উপন্যাস।

এসময়ত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ যোগে প্ৰচাৰ হোৱা অতি জনপ্ৰিয় ধাৰাবাহিক ‘নামঘৰীয়া’ আছিল তেখেতৰে বহু জনপ্ৰিয় উপন্যাসৰ নাট্যৰূপ। ১৯৮৯ চনত প্ৰকাশ পাইছিল এই জনপ্ৰিয় গ্ৰন্থখন। অতুলানন্দ গোস্বামী অসমীয়া সাহিত্য জগতৰ এগৰাকী বলিষ্ঠ গল্পকাৰ, ঔপন্যাসিক আৰু বিশিষ্ট অনুবাদক।

‘পলাতক’ নামৰ গ্ৰন্থখন তেওঁৰ প্ৰকাশ হৈছিল ১৯৮৩চনত। তাৰ পিছত ১৯৯৩ চনত প্ৰকাশ হৈছিল ‘আশ্ৰয়’। ‘ককাইদেউ’ নামৰ উপন্যাসখন তেওঁৰ ২০০৯ চনত প্ৰকাশ পাইছিল। ২০১২ চনত পি জি ইণ্ডিয়াই প্ৰকাশ কৰিছিল তেওঁৰ আন এখন উপন্যাস ‘অৰ্কিড’। অসমীয়া সাহিত্যৰ অন্যতম শক্তিশালী গল্পকাৰ তথা ঔপন্যাসিক তেওঁ। কেইবাখনো গ্ৰন্থ তেওঁ অনুবাদ কৰিছে। তাৰ ভিতৰত জেমছ হিল্মৰ ‘গুডবাই মিঃ ছিপছ’, টি এছ পিল্লাইৰ ‘পিতা-পুত্ৰ’, প্ৰাণবন্ধু কৰ আৰু মনোজ কুমাৰৰ ‘শ্বেতপম্মা আৰু বনহংসী’, ‘একৈশটা বাংলা গল্প’, বংকিমচন্দ্ৰৰ নিৰ্বাচিত প্ৰবন্ধ অন্যতম।
Published by:Sanjay Kumar Das
First published: