অন্তিম মুহূৰ্তত কি কৰি আছিল মানস অধিকাৰীয়ে? সম্পাদনাৰ মাজতে কিয় উঠি গ’ল?

কিহৰ বাবে নিজকে শেষ কৰি পেলালে নেপথ্যৰ তাৰকা মানস অধিকাৰীয়ে?

news18assam
Updated:June 3, 2019, 2:07 PM IST
অন্তিম মুহূৰ্তত কি কৰি আছিল মানস অধিকাৰীয়ে? সম্পাদনাৰ মাজতে কিয় উঠি গ’ল?
কিহৰ বাবে নিজকে শেষ কৰি পেলালে নেপথ্যৰ তাৰকা মানস অধিকাৰীয়ে?
news18assam
Updated: June 3, 2019, 2:07 PM IST
মানস অধিকাৰী। অসমীয়া চিনেমা জগত, টেলিভিছন চেনেল, সাংবাদিকসকলৰ বাদে সাধাৰণ মানুহে হয়তো মানস অধিকাৰীক চিনি পোৱা নাছিল। হয়তো কেতিয়াবা চিনেমা–টেলিভিছনৰ ধাৰাবাহিকৰ নেম কাষ্টিঙত দেখিছে ‘সম্পাদনা – মানস অধিকাৰী’। সাধাৰণ দৰ্শকে হয়তো তেওঁক তাতকৈ বেছিকৈ নাজানে। কিন্তু তেওঁক যিয়ে জানে, যিয়ে তেওঁৰ সংস্পৰ্শলৈ আহিছে, তেওঁলোকে জানে মানস অধিকাৰী কেনেকুৱা ব্যক্তিত্বৰ ব্যক্তি আছিল। সাধাৰণতে তেওঁ আছিল মৃদুভাষী, স্বল্পভাষী, টানকৈ কাকো একো নকৈছিল। সকলোকে আপোন কৰি ল’ব পৰা গুণৰ অধিকাৰী আছিল তেওঁ। এক সন্মোহনী শক্তি আছিল মানস অধিকাৰীৰ।

কটন কলেজৰ মেধাৱী ছাত্ৰ আছিল মানস অধিকাৰী। ছাত্ৰ অৱস্থাৰ পৰাই সাংস্কৃতিক দিশত আগৰণুৱা আছিল তেওঁ। সাংস্কৃতিক জগতৰ প্ৰতি আগ্ৰহী, কলাসুলভ মনৰ অধিকাৰী মানস অধিকাৰীয়ে বিখ্যাত চলচ্চিত্ৰ পৰিচালক মুনীন বৰুৱাৰ সৈতে সহকাৰী পৰিচালক হিচাপে খোজ দিছিল ছবি জগতত। পিছলৈ তেওঁ বিখ্যাত হৈ পৰিছিল এগৰাকী সুদক্ষ ভিডিঅ’ সম্পাদক হিচাপে। তেওঁৰ গ্লেমাৰ এগৰাকী তাৰকাতকৈ কোনোগুণে কম নাছিল। সদায় কিবা এটা নতুন কৰাৰ চিন্তা কৰিছিল অধিকাৰীয়ে।



সেই সময়ত অসমত ব্যক্তিগত টিভি চেনেল নাছিল। দুৰদৰ্শন আৰু চিনেমাৰ কামেৰেই সফলতাৰ শীৰ্ষত আৰোহণ কৰিছিল মানস অধিকাৰীয়ে। গুৱাহাটী দুৰদৰ্শনৰ জনপ্ৰিয় ধাৰাবাহিক ‘বিদেশত আপোন মানুহ’ৰ মূল মানুহজনেই আছিল মানস অধিকাৰী। নিজে চিত্ৰগ্ৰহণ, সংগীত ব্যৱস্থাপনা, পৰিচালনা আৰু সম্পাদনা কৰা ‘বিদেশত আপোন মানুহ’ ধাৰাবাহিকখনে আলোড়ন তুলিছিল। কিন্তু অলক্ষিতে থাকি গ’ল ধাৰাবাহিকখনৰ আঁৰৰ মূল মানুহজন। ইয়াৰ উপৰি ‘গীতিমালিকা’ ধাৰাবাহিকখনৰো পৰিচালনা কৰিছিল মানস অধিকাৰীয়ে।

অসমীয়া ছবি জগতত এক পৰিচিত নাম মানস অধিকাৰী। কেইবাখনো জনপ্ৰিয় অসমীয়া ছবিৰ সম্পাদনা কৰিছিল তেওঁ। মানস অধিকাৰীয়ে সম্পাদনা কৰা ছবিসমূহ হ’ল মৎস্যগন্ধা, যুগান্তৰৰ তেজাল পুৱা, ভূমিপুত্ৰ, জোন জ্বলে কপালত, উজনিৰ দুজনী গাভৰু, জোনাকবিহীন জীৱন, মায়া, গৰম বতাহ, পানৈ জংকী, হিটলিষ্ট, পত্নী, চুৰেণ চোৰৰ পুতেক, জাতিংগা ইত্যাদি, জখম, জীৱন নদীৰ দুটি পাৰ, প্ৰিয়া মিলন আদি। তদুপৰি বহু ছুটী ছবি, ভিডিঅ’ ছবিৰো সম্পাদনা কৰিছিল মানস অধিকাৰীয়ে। এইসমূহ উৎকৃষ্ট কৰ্মৰ বাবে অধিকাৰীয়ে লাভ কৰিছিল অসম চৰকাৰৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ সম্পাদকৰ বঁটা।



বৰ্তমান সময়ত অসমত দপদপাই থকা ভিডিঅ’ সম্পাদকসকলৰ যেন গুৰু আছিল মানস অধিকাৰী। অসমত নন লিনিয়েৰ সম্পাদনা পদ্ধতি প্ৰথম আনিছিল তেওঁ। এই পদ্ধতিত সম্পাদনা কৰা হয়তো তেঁৱেই অসমৰ প্ৰথমগৰাকী সম্পাদক। কনিষ্ঠ ভিডিঅ’ সম্পাদকসকলৰ বাবে যেন মানস অধিকাৰী আছিল পথ প্ৰদৰ্শক। সেয়ে তেওঁৰ চাৰিওফালে গোট খাইছিল ন ন প্ৰতিভাধৰ যুৱক–যুৱতী, ন শিকাৰুসকল।

মানস অধিকাৰী আৰু নাই। এই কথাই ব্যথিত কৰিছে চিনেমা জগত, সংবাদ জগতৰ লগতে তেওঁৰ সংস্পৰ্শলৈ অহা, তেওঁৰ সৈতে কাম কৰা প্ৰতিজন লোককে। কিন্তু কিহৰ বাবে মানস অধিকাৰীয়ে এই চৰম পন্থা বাচি ল’লে সেয়া এক ৰহস্য। দেওবাৰে বিয়লি নাৰেংগীস্থিত বাসগৃহত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় তেওঁৰ মৃতদেহ। সেই সময়ত ঘৰত কোনো নাছিল। কোঠাৰ দুৱাৰ বন্ধ কৰি সম্পাদনাৰ কাম কৰি আছিল তেওঁ। কিন্তু কাম কৰি থকাৰ মাজতে জীৱনৰ চৰম সিদ্ধান্ত কিয় বাচি ল’লে তাক লৈ উদয় হৈছে প্ৰশ্নৰ। এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ সময়ে দিবও পাৰে, নিদিবও পাৰে। কিন্তু অসমৰ ছবি জগতত, সাংবাদিক ক্ষেত্ৰত মানস অধিকাৰী এক উজ্জ্বল নক্ষত্ৰৰ দৰে জিলিকি থাকিব।
আৰু চাওক পৰৱৰ্তী বাতৰি