ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ সহকাৰী অধ্যাপক ধ্ৰুৱজ্যোতি চৌধুৰীৰ কু-কীৰ্তি ৰাজহুৱা পিছতে এতিয়া ছচিয়েল মিডিয়াত একাংশই এতিয়া আক্ৰমণৰ লক্ষ্য কৰি লৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ক। ছচিয়েল মিডিয়াত একাংশই নানা ধৰণৰ তৰল মন্তব্যৰে বিশ্ববিদ্যালয়ক চুড়ান্ত ভাবে অপমান কৰাৰ পিছত ডিব্ৰুগড় সদৰ আৰক্ষী থানাত গোচৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ আৰু বিশ্ববিদ্যালয়ৰ আছু গোটৰ।
ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্মৰত সেই অধ্যাপকৰ সেই ঘটনা ব্যক্তিগত আছিল, তাত বিশ্ববিদ্যালয়ৰ অন্য কোনো ছাত্ৰী-ছাত্ৰ তথা শিক্ষক-কৰ্মচাৰী জড়িত নাছিল। কিন্তু তাৰ পিছতো গোটেই বিশ্ববিদ্যালয়খনকে সাঙুৰি বিভিন্ন তাচ্ছিল্ল্য সূচক মন্তব্যৰ লগতে বিভিন্ন ‘মিম’ নিৰ্মাণ কৰি ট্ৰ’ল কৰাৰ অভিযোগ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ।