অসম কৃষি বিশ্ববিদ্যালয়ত কাৰ্যালয়ৰ ভিতৰতে অধ্যাপকৰ মৃতদেহ উদ্ধাৰ

News18 Assam | News18-Assam
Updated:May 12, 2020, 5:12 PM IST
অসম কৃষি বিশ্ববিদ্যালয়ত কাৰ্যালয়ৰ ভিতৰতে অধ্যাপকৰ মৃতদেহ উদ্ধাৰ
এই অপ্ৰত্যাশিত ঘটনাই বিশ্ববিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী সকলোকে আচৰিত কৰি তুলিছে।

এই অপ্ৰত্যাশিত ঘটনাই বিশ্ববিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী সকলোকে আচৰিত কৰি তুলিছে।

  • Share this:
যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত মঙলবাৰে সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। শষ্য বিজ্ঞান বিভাগৰ নিজৰ কাৰ্যালয়ৰ কোঠাত উদ্ধাৰ হৈছে অধ্যাপক ড০ অভিজিত শৰ্মাৰ মৃতদেহ। আৰক্ষীৰ প্ৰাথমিক তদন্তত এয়া আত্মহত্যাৰ ঘটনা বুলি পোহৰলৈ আহিছে। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এখন ছুইচাইড নোট।

আনদিনাৰ দৰে মঙলবাৰে পুৱাও অসম কৃষি বিশ্ববিদ্যালয়ৰ শস্য বিজ্ঞান বিভাগৰ নিজৰ কাৰ্যালয়লৈ ওলাই আহিছিল অধ্যাপক ড০ অভিজিত শৰ্মা। কিন্তু অপ্ৰত্যাশিতভাৱে কিছু সময়ৰ পিছতে বিভাগৰ নিজৰ কোঠাৰ ভিতৰতে চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় অধ্যাপকগৰাকীৰ মৃতদেহ। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

এই অপ্ৰত্যাশিত ঘটনাই বিশ্ববিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী সকলোকে আচৰিত কৰি তুলিছে। আনহাতে কোঠাটোৰ ভিতৰত পোৱা ছুইচাইড নোটত কোনো লোকে কৰা প্ৰতাৰণাৰ কথা উল্লেখ থকাৰ লগতে নাম উল্লেখ নকৰাকৈ দুগৰাকী বিষয়াৰ বিষয়েও কিছু কথা লিখা আছে। উল্লেখ্য অধ্যাপক অভিজিত শৰ্মাৰ সোমবাৰে বিশ্ববিদ্যালয়ৰ পৰা বদলিৰ নিৰ্দেশ ওলাইছিল। এই বদলিৰ নিৰ্দেশৰ বাবেই তেওঁ মানসিকভাৱে ভাগি পৰিছিল নেকি তাক লৈয়ো প্ৰশ্ন উত্থাপন হৈছে। অৱশ্যে আৰক্ষীয়ে তদন্তৰ স্বাৰ্থত বৰ্তমান কোনো কথা প্ৰকাশ কৰিবলৈ বিচৰা নাই।
First published: May 12, 2020, 5:11 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি