নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিৎ কুমাৰ ভাগৱতীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ তৰিছে মহাবিদ্যালয়খনৰ এগৰাকী ঠিকাভিত্তিক অধ্যাপিকাই। অধ্যাপিকাগৰাকীয়ে ইতিমধ্যে নগাঁও সদৰ আৰক্ষী থানাত দিয়া এজাহাৰৰ ভিত্তিত নগাঁও সদৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ 354(A)/376/511ৰ অধীনত ৪৩০/২২ নম্বৰত এটা গোচৰ ৰুজু হৈছে।
অধ্যাপিকাগৰাকীয়ে এজাহাৰত অভিযোগ কৰা অনুসৰি অধ্যক্ষগৰাকীয়ে তেওঁক চাকৰি নিয়মীয়াকৰণ কৰাৰ বদলি তেওঁৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব বিচাৰিছিল। অধ্যক্ষগৰাকীৰ এই প্ৰস্তাৱক নাকচ কৰাৰ বাবেই তেওঁক মহাবিদ্যালয়খনত স্থায়ী নিযুক্তি প্ৰদান কৰা ন'হল। বিগত ১৮ মাহ ধৰি অধ্যক্ষগৰাকীয়ে তেওঁক এইদৰে যৌন নিৰ্যাতনৰ চেষ্টা চলোৱাৰো অভিযোগ তুলিছে অধ্যাপিকাগৰাকীয়ে। উল্লেখযোগ্য যে, শনিবাৰে মহাবিদ্যালয়খনত উদ্ভিদ বিজ্ঞানৰ অধ্যাপকৰ পদৰ বাবে সাক্ষাৎকাৰ অনুষ্ঠিত হৈছিল আৰু এইসমূহকাৰণতে স্থায়ী নিযুক্তি লাভ নকৰাৰো অভিযোগ তুলিছে অভিযোগকাৰী অধ্যাপিকাগৰাকীয়ে।
ইয়াৰ বিপৰীতে, অধ্যক্ষ ড° সুৰজিৎ কুমাৰ ভাগৱতীয়ে অধ্যাপিকাগৰাকীৰ বিৰুদ্ধে ব্লেকমেইলিঙৰ অভিযোগ তুলি নগাঁও সদৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে। অধ্যক্ষ ড° সুৰজিৎ কুমাৰ ভাগৱতীৰ অভিযোগৰ ভিত্তিত নগাঁও সদৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৫০৬ আৰু ৪৩৪ ধাৰাত ৪৩৪/২২ নম্বৰত এটা গোচৰ ৰুজু হৈছে।
অধ্যক্ষগৰাকীয়ে অধ্যাপিকাগৰাকীৰ অভিযোগক নস্যাৎ কৰাৰ লগতে কেৱল চাকৰিৰ বাবেই তেওঁৰ ওপৰত এই ভুৱা গোচৰ জাপি দি ব্লেকমেইলিং কৰাৰ অভিযোগ তুলিছে। বৰ্তমান নগাঁও আৰক্ষীয়ে দুয়োটা গোচৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানৰ অধ্যক্ষ আৰু অধ্যাপিকাৰ অভিযোগ-প্ৰতিঅভিযোগৰ ঘটনাই নগাঁৱৰ বৌদ্ধিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|