বন্দী প্ৰত্যপৰ্ণ! ভূটান-ম্যানমাৰত বন্দী ১৯ NDFBক মুকলি কৰাই অনাৰ প্ৰচেষ্টা

News18 Assam | News18-Assam
Updated:June 8, 2021, 7:38 PM IST
বন্দী প্ৰত্যপৰ্ণ! ভূটান-ম্যানমাৰত বন্দী ১৯ NDFBক মুকলি কৰাই অনাৰ প্ৰচেষ্টা
বিগত ২০২০ চনৰ ২৭ জানুৱাৰীত নতুন দিল্লীত NDFBৰ আটাইকেইটা গোটৰ সৈতে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰিত হৈছিল৷

বিগত ২০২০ চনৰ ২৭ জানুৱাৰীত নতুন দিল্লীত NDFBৰ আটাইকেইটা গোটৰ সৈতে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰিত হৈছিল৷

  • Share this:
২০২০ চনৰ ২৭ জানুৱাৰীত স্বাক্ষৰিত BTR চুক্তিক দফাই দফাই কাৰ্যকৰী কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিশেষ উদ্যোগ গ্ৰহণ কৰিছে৷ এই হিচাপত ভূটান আৰু ম্যানমাৰত বন্দী হৈ থকা ১৯জন NDFBক মোকলাই অনাৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে আৰু অসমত বন্দী হৈ থকা ৰঞ্জন দৈমাৰীসহ আন NDFBৰ সদস্যসকলক মুক্তিৰ বাবেও প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে৷

বিগত ২০২০ চনৰ ২৭ জানুৱাৰীত নতুন দিল্লীত NDFBৰ আটাইকেইটা গোটৰ সৈতে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰিত হৈছিল৷ সেয়াই আছিল Bodoland Territorial Region চুক্তি৷ চমুকৈ BTR চুক্তি৷ এই চুক্তিৰ পিছত বহুকেইটা দফা ইতিমধ্যে কাৰ্যকৰী কৰা হৈছে৷ কিন্তু বিদেশত বন্দী হৈ থকা ১৯জন NDFBক এইপৰ্যন্ত মুকলি কৰি আনিব পৰা হোৱা নাই৷ ইয়াৰ বাবে ভাৰত চৰকাৰে ভূটান আৰু ম্যানমাৰ চৰকাৰৰ সৈতে যোগাযোগ কৰিব লাগিব৷ কিয়নো ভূটানত ১৮জন আৰু ম্যানমাৰত এজন NDFBৰ সদস্য বন্দী হৈ আছে৷

বিদেশত বন্দী হৈ থকা NDFB সকলক এতিয়া যিমান পাৰি সোনকালে মুকলি কৰি আনিবলৈ চৰকাৰক উদ্যোগ ল'বলৈ আহ্বান জনায় নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়োৱে৷ ইপিনে সোমবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰীৰ সৈতে BTR চুক্তিৰ ৰূপায়ণ সমিতিয়ে এক বৈঠকত মিলিত হয়৷ এই বৈঠকত অংশগ্ৰহণ কৰি BTRৰ মুৰব্বী প্ৰমোদ বড়োৱে ৰঞ্জন দৈমাৰীসহ কাৰাৰুদ্ধ NDFBৰ সদস্যসকলক মুক্তিৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি সদৰি কৰে৷

BTR অঞ্চলত স্থায়ী শান্তি স্থাপনৰ বাবে চৰকাৰে যথাসম্ভৱ সকলো খিনি কাম কৰিব৷ আনহাতে, পুনৰ হাতত অস্ত্ৰ লৈ জংঘললৈ যোৱা সকলকো প্ৰমোদ বড়োৱে মূলসুঁতিলৈ উভতি আহিবলৈ আহ্বান জনায়৷
Published by: Sanjay Kumar Das
First published: June 8, 2021, 7:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি