உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • HSLC আৰু HSৰ নম্বৰ মূল্যায়ণক লৈ সমস্যা, অভাৱনীয় হাৰত বৃদ্ধি ষ্টাৰ–ডিষ্টিংচন–প্ৰথম বিভাগৰ সংখ্যা

    HSLC আৰু HSৰ নম্বৰ মূল্যায়ণক লৈ সমস্যা, অভাৱনীয় হাৰত বৃদ্ধি ষ্টাৰ–ডিষ্টিংচন–প্ৰথম বিভাগৰ সংখ্যা

    আনকি আটাইকেইটা স্থানপ্ৰাপ্ত ছাত্ৰ–ছাত্ৰী যেন বৰপেটাতেই আছে , তেনে এক অৱস্থাৰ সৃষ্টি হৈছে বৰপেটাত ৷

    আনকি আটাইকেইটা স্থানপ্ৰাপ্ত ছাত্ৰ–ছাত্ৰী যেন বৰপেটাতেই আছে , তেনে এক অৱস্থাৰ সৃষ্টি হৈছে বৰপেটাত ৷

    আনকি আটাইকেইটা স্থানপ্ৰাপ্ত ছাত্ৰ–ছাত্ৰী যেন বৰপেটাতেই আছে , তেনে এক অৱস্থাৰ সৃষ্টি হৈছে বৰপেটাত ৷

    • Share this:

    ক'ভিড পৰিস্থিতিৰ বাবে শিক্ষা বিভাগে অনুষ্ঠিত কৰিব নোৱাৰিলে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা ৷ অৱশ্যে চৰকাৰে গঠন কৰি দিয়া বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ অনুসৰি মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ মূল্যায়নৰ ব্যৱস্থা গ্ৰহণ কৰিছে শিক্ষা বিভাগে ৷ পিছে বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ অনুসৰি মূল্যায়ন কৰিবলৈ গৈ সমস্যাৰ সন্মুখীন হৈছে বৰপেটাৰ শিক্ষা বিভাগ ৷


    বিশেষকৈ একাংশ বিদ্যালয়ে শিক্ষা বিভাগৰ হাতত ছাত্ৰ–ছাত্ৰীৰ যি নম্বৰ তালিকা দাখিল কৰিছে, উক্ত নম্বৰ তালিকাক লৈ সমস্যাত পৰিছে বৰপেটাৰ শিক্ষা বিভাগৰ বিষয়াগৰাকী ৷ শিক্ষা বিভাগৰ বিষয়াগৰাকীৰ মতে, বিদ্যালয়সমূহত অভাৱনীয় হাৰত বৃদ্ধি পাইছে ষ্টাৰ, ডিষ্টিংচন আৰু প্ৰথম বিভাগ প্ৰাপ্ত ছাত্ৰ–ছাত্ৰীৰ সংখ্যা ৷


    আনকি আটাইকেইটা স্থানপ্ৰাপ্ত ছাত্ৰ–ছাত্ৰী যেন বৰপেটাতেই আছে , তেনে এক অৱস্থাৰ সৃষ্টি হৈছে বৰপেটাত ৷ ফলত বৰপেটাৰ প্ৰতিখন বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলক শিক্ষা বিষয়াৰ কাৰ্যালয়লৈ মাতি আনি বিদ্যালয়ে পঠোৱা মূল্যায়ন পত্ৰ পুনৰ বিবেচনা কৰিবলৈ নিৰ্দেশ দিছে শিক্ষা বিষয়াই ৷


    ইয়াৰ ফলত প্ৰধান শিক্ষকসকলো সন্মুখীন হৈছে সমস্যাৰ ৷ যিহেতু ২০১৯ বৰ্ষৰ নৱম শ্ৰেণীৰ পৰীক্ষা আৰু দশম শ্ৰেণীৰ প্ৰি-মেট্ৰিক টেষ্টৰ নম্বৰৰ আধাৰত ছাত্ৰ–ছাত্ৰীসকলৰ মূল্যায়ন কৰা হৈছিল, সেয়েহে শিক্ষা বিষয়াই পুনৰ মূল্যায়নৰ বাবে দিয়া নিৰ্দেশক লৈ সমস্যাৰ সন্মুখীন হৈছে প্ৰধান শিক্ষকসকল ৷


    প্ৰধান শিক্ষকসকলে জনোৱা মতে, ২০১৯ বৰ্ষৰ নৱম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষা, দশম শ্ৰেণীৰ প্ৰি-টেষ্ট আৰু ইন্টাৰনেল এছেছমেণ্টৰ জৰিয়তে যি নম্বৰ তালিকা দাখিল কৰা হৈছিল, উক্ত তালিকাখনত থকা ষ্টাৰ, ডিষ্টিংচন আৰু প্ৰথম বিভাগৰ সংখ্যা হ্ৰাস কৰিবলৈ বৰপেটাৰ শিক্ষা বিষয়াই প্ৰতিগৰাকী প্ৰধান শিক্ষকক দিয়া নিৰ্দেশক লৈ সমস্যাৰ সন্মুখীন হৈছে প্ৰধান শিক্ষকসকল ৷


    আনকি প্ৰধান শিক্ষকসকলে কিহৰ ভিত্তিত ছাত্ৰ–ছাত্ৰীৰ মূল্যায়ন কৰিছিল সেই সম্পৰ্কেও মন্তব্য কৰে, অন্যথা ছাত্ৰ–ছাত্ৰীৰ ভৱিষ্যতৰ কথা ভাবি পৰীক্ষা অনুষ্ঠিত কৰাৰহে দাবী তোলে ৷

    Published by:Gautam Barman
    First published: