গুৱাহাটী মহানগৰীৰ প্ৰদূষণ নিযন্ত্ৰণৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ৰাজকোষৰ কেইবা কোটি টকা ব্যয় কৰি ক্ৰয় কৰিছিল ১০০ খন অত্যাধুনিক CNG (Compressed Natural Gas) বাছ৷ পহিলা জানুৱাৰীত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতেৰে শুভাৰম্ভ কৰিছিল বাছকেইখন ৷ কিন্তু নতুনকৈ শুভাৰম্ভ কৰা বাছকেইখনৰ ১০ দিন পাৰ নৌহওঁতেই লাগিছে অথন্তৰ ৷
১০ দিনত ২ খনকৈ বাছ বিকল অসম ৰাজ্যিক পৰিবহণৰ ৷ ৰাজ্যিক পৰিবহণ বিভাগৰ বিষয়াই বৰমূৰীয়ালৈ প্ৰেৰণ কৰা এটা মেছেজত প্ৰকাশ পাইছে এই ভয়ংকৰ তথ্য ৷ তথ্য অনুসৰি, জানুৱাৰী মাহৰ ৬ তাৰিখে সৰুসজাইত বিকল AS 20 2382 নম্বৰৰ CNG বাছ ৷ বিকলৰ কাৰণ বাছৰ টেংকত ভৰ্তি নহয় গেছ ৷ আনহাতে ৯ জানুৱাৰীত AS 20 2341 নম্বৰ বাছখনৰ ষ্টাৰ্ট কৰাৰ সমস্যা দেখা গৈছে ৷ ইমানেই নহয়, নতুন এই সমূহ বাহনক লৈ কিছু সমস্যাত চালকসকল ৷ পিকআপ তথা ষ্টাৰ্টিঙে জলাকলা খুৱাইছে৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।