মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Fishing Competition: মাছ ধৰক আৰু ১ লাখ টকা লাভ কৰক, অসমৰ ক’ত চলি আছে এই বিশেষ প্ৰতিযোগিতা?

Fishing Competition: মাছ ধৰক আৰু ১ লাখ টকা লাভ কৰক, অসমৰ ক’ত চলি আছে এই বিশেষ প্ৰতিযোগিতা?

News18 Assam | News18-Assam
Updated:September 18, 2021, 12:34 PM IST
Fishing Competition: মাছ ধৰক আৰু ১ লাখ টকা লাভ কৰক, অসমৰ ক’ত চলি আছে এই বিশেষ প্ৰতিযোগিতা?
বিশাল আকাৰৰ ৫টাকৈ পুখুৰী সামৰি অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ৭০০ প্ৰতিযোগীয়ে ৷

বিশাল আকাৰৰ ৫টাকৈ পুখুৰী সামৰি অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ৭০০ প্ৰতিযোগীয়ে ৷

  • News18 Assam
  • Last Updated: September 18, 2021, 12:34 PM IST
  • Share this:

ফুটবল, ভলীবল অথবা ক্ৰিকেটৰ প্ৰতিযোগিতা নহয়, গোৱালপাৰাত চলি আছে এক ব্যতিক্ৰমী প্ৰতিযোগিতা ৷ সেয়া হ’ল বৰশী বোৱা প্ৰতিযোগিতা ৷ বৰশী বাৱক আৰু  ১ লাখ টকা লাভ কৰক। গোৱালপাৰা জিলাৰ ভীমাজুলিত অনুষ্ঠিত হৈছে এই ব্যতিক্ৰমী আৰু মনোৰঞ্জন মূলক প্ৰতিযোগিতা ৷


এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ মেঘালয় আৰু শ্বিলঙৰ পৰাও আহিছে প্ৰতিযোগী ৷  বৰশী বোৱা প্ৰতিযোগিতা  ভীমাজুলি ফিছিং প্ৰতিযোগিতা পৰিচালনা সমিতিয়ে প্ৰথমবাৰৰ বাবে আয়োজন কৰিছে এই বিশেষ প্ৰতিযোগিতাখন ৷ বিশাল আকাৰৰ ৫টাকৈ পুখুৰী সামৰি অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ৭০০ প্ৰতিযোগীয়ে ৷


অসমৰ বিভিন্ন প্ৰান্তৰ লগতে মেঘালয়ৰ কেইবাখনো জিলা আৰু শ্বিলঙৰ পৰাও আহিছে অংশগ্ৰহণকাৰীসকল ৷ এই প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ স্বৰূপে সকলোতকৈ ডাঙৰ মাছটো নিজৰ বৰশীৰে ধৰিব পৰাজনে লাভ কৰিব  ১ লাখ টকাৰ পুৰস্কাৰ। দ্বিতীয় সৰ্ববৃহৎ মাছ ধৰোঁতাজনে পাব অৰ্থাৎ দ্বিতীয় পুৰস্কাৰ হৈছে ২০ হাজাৰ টকা ৷ এই বিশেষ আমোদজনক প্ৰতিযোগিতাখন চাবলৈ পুখুৰীৰ পাৰত ভিৰ কৰিছে বহু লোকে ৷



প্ৰথমবাৰৰ বাবে আয়োজিত এই প্ৰতিযোগিতা এতিয়াৰে পৰা প্ৰতিবছৰে অনুষ্ঠিত কৰিব উদ্যোক্তাই ৷ আনহাতে পুখুৰীৰ পৰা সকলোতকৈ ডাঙৰ মাছটো ধৰিবলৈ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে প্ৰতিযোগীসকলেও ৷ আটাইতকৈ ডাঙৰ আৰু বেছি ওজনৰ মাছ বৰশীৰে ধৰিবলৈ সক্ষম হোৱা লোকজনে লাভ কৰিব এক লাখ টকাৰ পুৰস্কাৰ ৷

Published by: Gautam Barman
First published: September 18, 2021, 12:34 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি