মুখ্যপৃষ্ঠা »খবৰ »অসম »‘অসম বচাও’ কাৰ্যসূচীত অংশ ল’বলৈ উপস্থিত প্ৰিয়ংকা গান্ধী, কামাখ্যাধামত ল’লে আশীৰ্বাদ

‘অসম বচাও’ কাৰ্যসূচীত অংশ ল’বলৈ উপস্থিত প্ৰিয়ংকা গান্ধী, কামাখ্যাধামত ল’লে আশীৰ্বাদ

দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিছে প্ৰিয়ংকা গান্ধী।

দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিছে প্ৰিয়ংকা গান্ধী।

দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিছে প্ৰিয়ংকা গান্ধী।

  • Share this:
দুদিনীয়া ভ্ৰমণসূচীৰে কংগ্ৰেছৰ অসম বচাও কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্যে আজি পুৱা আহি অসমত গুৱাহাটীত উপস্থিত হৈছে কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী।

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত প্ৰিংয়কা গান্ধীক আদৰণি জনায় অসম কংগ্ৰেছৰ দায়িত্বত থকা জিতেন্দ্ৰ সিং আৰু ছয়গাঁও সমষ্টিৰ কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদে।

বিমানবন্দৰৰ পৰা পোনে পোনে কামাখ্যা মন্দিৰত উপস্থিত হৈ পূজা–অৰ্চনা কৰে প্ৰিয়ংকা গান্ধীয়ে।


গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত অবতৰণ কৰাৰ পিছতে কামাখ্যাত সেৱা জনাই হেলিকপ্টাৰযোগে প্ৰিয়ংকা গান্ধী ৰাওনা হৈছে লখিমপুৰলৈ। লখিমপুৰ জিলাত কংগ্ৰেছ দলৰ কেইবাটাও নিৰ্বাচনী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পিছত গাড়ীৰে উভতি আহিব গহপুৰলৈ।

গহপুৰত দলীয় কাৰ্যসূচীত অংশ গ্ৰহণ কৰাৰ পিছত প্ৰিয়ংকা গান্ধীয়ে নিশাটো কটাব বিশ্বনাথ চাৰিআলিত। নিশাটো কটাই তেজপুৰৰ জনসভালৈ যোৱাৰ পূৰ্বে মঙলবাৰে পুৱাই প্ৰিয়ংকা গান্ধীয়ে লগ কৰিব সাকোমঠা চাহ বাগিচাৰ চাহ শ্ৰমিকসকলক।

শেহতীয়া বাতৰি