সমগ্ৰ বিশ্ৱৰ লগতে ৰাজ্যবাসীয়ে পালন কৰিছে বিশ্ব পৰিবেশ দিৱস। পৰিবেশ দিৱসৰ দিনটোত অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈয়েও শুভাৰম্ভণি কৰে এক সেউজ অভিযানৰ।পৰিবেশ সংৰক্ষণ কৰ্মী নিজৰা ফুকনৰ নেতৃত্বত আৰম্ভ হৈছে এই অভিযানৰ।
লুখুৰাসনক এখন সেউজ আদৰ্শ গাঁওৰূপে গঢ়ি তোলাৰ পণ লৈছে গাঁওবাসীয়ে। আজি পৰবেশ দিৱসৰ দিনাই এই নতুন অভিযানৰ আৰম্ভ কৰিলে গাঁওবাসীয়ে। প্ৰিয়দা গগৈক লগত লৈ এই মহান কাৰ্যৰ নেতৃত্ব লৈছে গাওঁখনৰ এগৰাকী মহিলা পৰিবেশ সংৰক্ষণ কৰ্মী নিজৰা ফুকনে। এই উদ্দেশ্যে আজি লোৱা বৃক্ষ ৰোপণ কাৰ্যসুচীৰ শুভাৰম্ভ কৰে বিধায়ক অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈয়ে।
উল্লেখ্য যে, নিজৰা ফুকনে ২০১৯ চনত প্ৰকৃতি সংৰক্ষণৰ বাবে চৰাইদেউৰ পৰা দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনলৈ ২০,২৪৬ কিল'মিটাৰ পদব্ৰজে অতিক্ৰম কৰি দেশৰ কেন্দ্ৰীয় বন পৰিৱেশ তথা জলবায়ু পৰিৱৰ্তন মন্ত্ৰী প্ৰকাশ জাভৰেকাৰক স্মাৰক পত্ৰ প্ৰদান কৰিছিল। আজি বিশ্ব পৰিবেশ দিৱসৰ দিনটোত পৰিবেশ কৰ্মী নিজৰা ফুকনৰ নেতৃত্বতে গাঁওবাসীয়ে গাঁৱৰ মূল পথৰ দুয়োকাষ চাফ-চিকুন কৰি গছ পুলি ৰোপণ কৰে।
Published by: Manjumoni Borah
FIRST PUBLISHED : June 05, 2021, 15:33 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।