বিটিচি প্ৰধান প্ৰমোদ বড়োক চেলেঞ্জ পৃথ্বীৰাজ মেচৰ। সাহস আছে যদি বিটিআৰৰ DC, SPক বদলি কৰি দেখুৱাওক।

News18 Assam | News18-Assam
Updated:June 9, 2021, 5:10 PM IST
বিটিচি প্ৰধান প্ৰমোদ বড়োক চেলেঞ্জ পৃথ্বীৰাজ মেচৰ। সাহস আছে যদি বিটিআৰৰ DC, SPক বদলি কৰি দেখুৱাওক।
৪ জুনত বিটিচিৰ প্ৰধান সচিবে জাননীযেগে বিটিআৰৰ চাৰি জিলাৰ উপায়ুক্তসকলৰ ওপৰত উন্নয়নমুলক কাম-কাজৰ কৰ্তৃত্ব প্ৰদান কৰিছিল।

৪ জুনত বিটিচিৰ প্ৰধান সচিবে জাননীযেগে বিটিআৰৰ চাৰি জিলাৰ উপায়ুক্তসকলৰ ওপৰত উন্নয়নমুলক কাম-কাজৰ কৰ্তৃত্ব প্ৰদান কৰিছিল।

  • Share this:
তৃতীয় বড়ো শান্তি চুক্তি বিটিআৰ( BTR)ৰ মধ্যস্থতাকাৰী তথা নৰ্থ -ইষ্ট হেৰিটেজ ফাউণ্ডেচন (North-East Heritage Foundation)ৰ সঞ্চালক ৰাজ কুমাৰ পৃথ্ৱীৰাজ নাৰায়ণ দেৱ মেচ বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৷ বিশেষকৈ ৪ জুনত বিটিচিৰ প্ৰধান সচিবে এক  জাননীযেগে বিটিআৰৰ চাৰি জিলাৰ উপায়ুক্ত সকলৰ ওপৰত উন্নয়নমুলক কাম-কাজৰ কৰ্তৃত্ব প্ৰদান কৰাক লৈ কঠোৰ ভাষাৰে সমালোচনা কৰে পৃথ্বীৰাজে।

বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োক প্ৰত্যাহ্বান ৰাজ কুমাৰ পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচৰ। সাহস আছে যদি প্ৰমোদ বড়োৱে বিটিআৰৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকক নিযুক্তি আৰু বদলি কৰি দেখুৱাওক বুলি প্ৰত্যাহ্বান জনালে পৃথ্বীৰাজে।

কোকৰাঝাৰত এক সংবাদমেলত পৃথ্বীৰাজে প্ৰমোদ বড়োক এনেদৰে প্ৰত্যাহ্বান জনায়।
Published by: Manjumoni Borah
First published: June 9, 2021, 5:10 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি