স্বাগত নৱাগত অতিথি, হিয়াত ফুলাম আসন থৈছোঁ পাতি...ভিন্ন সময় ভিন্ন পৰিৱেশ! ৫টা দশকৰ পিছত সেই অপূৰ্ণ আশা পূৰণ হ'বনে?

News18 Assam | News18-Assam
Updated:May 4, 2021, 3:17 PM IST
স্বাগত নৱাগত অতিথি, হিয়াত ফুলাম আসন থৈছোঁ পাতি...ভিন্ন সময় ভিন্ন পৰিৱেশ! ৫টা দশকৰ পিছত সেই অপূৰ্ণ আশা পূৰণ হ'বনে?
সুদীৰ্ঘ ৫টা দশক৷ এক দীঘলীয়া পৰিক্ৰমা৷ পিতৃৰ পিছত বিধানসভালৈ নিৰ্বাচিত হ'ল পুত্ৰ৷ সময় আৰু পৰিৱেশ সম্পূৰ্ণ পৃথক৷ 

সুদীৰ্ঘ ৫টা দশক৷ এক দীঘলীয়া পৰিক্ৰমা৷ পিতৃৰ পিছত বিধানসভালৈ নিৰ্বাচিত হ'ল পুত্ৰ৷ সময় আৰু পৰিৱেশ সম্পূৰ্ণ পৃথক৷ 

  • Share this:
১৯৬৭ চন৷ নিৰ্দলীয় প্ৰাৰ্থীৰূপে জয়লাভ কৰি সন্মানীয় তেজপুৰ সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাই ৷ আৰু আজি ৫৪ বছৰ পিছত পিতৃৰ সেই পদাংক অনুকৰণ কৰি অসম গণ পৰিষদ দলৰ পৰা জয়লাভ কৰি অসম বিধানসভালৈ নিৰ্বাচিত হ'ল কলাগুৰুৰ পুত্ৰ পৃথ্বীৰাজ ৰাভা৷

সমষ্টি এটাই - তেজপুৰ৷ কিন্তু কলাগুৰুৰ সেই তাহানিৰ তেজপুৰ আৰু আজিৰ আজিৰ তেজপুৰৰ মাজত আহি পৰিছে বৃহৎ পাৰ্থক্য৷ চৰকাৰী শোষণ-বঞ্চনাৰ বিৰুদ্ধে মাত মাতি চৰকাৰী আতিশয্যৰ বলি হৈ পিতৃ এদিন নিৰ্দলীয় প্ৰাৰ্থীৰূপে জয়লাভ কৰাৰ বিপৰীতে পুত্ৰই ক্ষমতাত ন্যস্ত চৰকাৰী মিত্ৰদলৰ প্ৰাৰ্থীৰূপে জয়লাভ কৰিলে৷

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কাৰ্যকালত তেওঁৰ অৱদানৰ কথা সুৱৰিলে পুত্ৰ পৃথ্বীৰাজে৷ আনকি কিদৰে জ্যোতি চিত্ৰবন আৰু ৰবীন্দ্ৰ ভৱন কলাগুৰুৰ প্ৰস্তাৱমৰ্মে পিছলৈ নিৰ্মিত হৈছিল, সেই কথাও ক'লে পৃথ্বীৰাজে৷ আনহাতে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত পৃথ্বীৰাজ ৰাভাই তেওঁৰ এই সফলতাৰ বাবে অগপ আৰু বিজেপি কৰ্মী-সমৰ্থকৰ লগতে কৃতজ্ঞতা জনালে তেজপুৰবাসীক৷

প্ৰতি বছৰে ৰাভা দিৱস আহিলেই প্ৰাসংগিক হৈ পৰে কলাগুৰুৰ সংগ্ৰহালয়৷ পিতৃৰ মৃত্যুৱে ভৰি দিলে ৫২ বছৰত৷ আৰু আজিও তেজপুৰত নোলাল সংগ্ৰহালয় নিৰ্মাণৰ বাবে এটুকুৰা চৰকাৰী ভূমি৷ তেনেস্হলত এইবাৰ তেজপুৰ তথা ৰাজ্যবাসীৰ বাবে লক্ষ্যণীয় হ'ব পুত্ৰৰ ভূমিকা৷ পুত্ৰৰ তৎপৰতাতে নিৰ্মাণ হওক সৈনিক শিল্পী গৰাকীৰ সৃষ্টিৰাজি সংৰক্ষণৰ বাবে এটা উপযুক্ত বিজ্ঞানসন্মত সংগ্ৰহালয়৷ এয়াই আশা তেজপুৰবাসীৰো৷
Published by: Kokil Sarma
First published: May 4, 2021, 3:17 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি