Prisoner Van Accident : নগাঁৱৰ এঘাৰ মাইলত অভাৰটেক কৰিবলৈ গৈ ট্ৰাকত খুন্দা মাৰি ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে বাগৰি পৰিল কয়দি কঢ়িওৱা এখন বাহন ৷
Prisoner Van Accident : নগাঁৱৰ এঘাৰ মাইলত অভাৰটেক কৰিবলৈ গৈ ট্ৰাকত খুন্দা মাৰি ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে বাগৰি পৰিল কয়দি কঢ়িওৱা এখন বাহন ৷
নগাঁৱ (Nagaon)ৰ এঘাৰ মাইলত শুকুৰবাৰে সন্ধিয়া সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Accident) ৷ দুৰ্ঘটনাগ্ৰস্ত হৈছে কয়দী (Prisoner Van) কঢ়িওৱা এখন বাহন। জানিব পৰা মতে অভাৰটেক কৰিবলৈ গৈ ট্ৰাকত খুন্দা মাৰি ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে বাগৰি পৰিল কয়দি কঢ়িওৱা এখন বাহন ৷ দুৰ্ঘনাটোত আৰক্ষীসহ আহত ৮ জন কয়দী৷
দুৰ্ঘটনাত আহত হোৱা দুজনক সংকটজনক অৱস্থাত নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় (Nagaon Civil Hospital)লৈ প্ৰেৰণ কৰা হয় ৷ উল্লেখযোগ্য যে একে দিশৰ পৰা আহিছিল দুয়োখন গাড়ী ৷ কয়দী কঢ়িওৱা গাড়ীখনৰ নম্বৰ ক্ৰমে AS-30 7558 আৰু ট্ৰাক নম্বৰ NL 01-AA-7575 ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|