আৰ্থিক দীনতাৰ বাবে প্ৰিন্টিং প্ৰেছৰ এজন স্বত্বাধিকাৰীয়ে চিপ লৈ আত্মহত্যা কৰে। এই হৃদয় বিদাৰক ঘটনাটো সংঘটিত হয় মহানগৰী বামুণীমৈদামৰ "ইগনিশ্বন" নামৰ প্ৰিন্টিং প্ৰেছত। উল্লেখ্য যে নুনমাটিৰ বাসিন্দা তপন পাটগিৰিয়ে বামুণীমৈদামত ইগনিশ্বন নামৰ প্ৰিন্টিং প্ৰেছ এটাৰে ব্যৱসায় কৰি আছিল।
বিগত দুটা বছৰ মহামাৰী কোৰোণা নিয়ন্ত্ৰণৰ বাবে লক ডাউনত প্ৰিন্টিং প্ৰেছ বন্ধ হৈ থকাত ব্যৱসায়ীসকল ভীষণ আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। ব্যৱসায় মন্দা অৱস্থাৰ বাবে প্ৰেছৰ স্বত্বাধিকাৰী তপন পাটগিৰিয়ে লাখ লাখ টকাৰ ঋণ ল'ব লগা হয়। বেংকৰ পৰা লোৱা ঋণ পৰিশোধ কৰিব নোৱাৰি তপন পাটগিৰিয়ে মানসিকভাৱে ভুগি আছিল।
দেওবাৰে দিনৰ ভাগত ইগনিশ্বন প্ৰিন্টিং প্ৰেছত আহি চিপ লৈ আত্মহত্যা কৰে তেওঁ। ঘটনাস্থলীত চানমাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহতো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰ্থিক অনাটনত ভুগি ছপা শালৰ স্বত্বাধিকাৰী তপন পাটগিৰিয়ে আত্মহত্যা কৰাত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ব্যৱসায়ী তপন পাটগিৰিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ছপাশাল সন্থাই লগতে চৰকাৰক ছপাশাল ব্যৱসায়ীসকলক আৰ্থিক সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|