• Home
  • »
  • News
  • »
  • assam
  • »
  • Ashok Kumar Barman : চৰকাৰী আঁচনিৰ সফল ৰূপায়ণৰ বাবে প্ৰধানমন্ত্ৰীৰ বিশেষ বঁটা যোৰহাটৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনলৈ

Ashok Kumar Barman : চৰকাৰী আঁচনিৰ সফল ৰূপায়ণৰ বাবে প্ৰধানমন্ত্ৰীৰ বিশেষ বঁটা যোৰহাটৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনলৈ

PM Award to Ashok Kumar Barman:  দৰং জিলাত উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়ত জিলাখনত "সৌভাগ্য" আঁচনিৰ সফল ৰূপায়নৰ বাবে প্ৰশাসনিক বিষয়াগৰাকীলৈ এই ৰাষ্ট্ৰীয় স্বীকৃতি আগবঢ়োৱা হৈছে ।

PM Award to Ashok Kumar Barman: দৰং জিলাত উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়ত জিলাখনত "সৌভাগ্য" আঁচনিৰ সফল ৰূপায়নৰ বাবে প্ৰশাসনিক বিষয়াগৰাকীলৈ এই ৰাষ্ট্ৰীয় স্বীকৃতি আগবঢ়োৱা হৈছে ।

PM Award to Ashok Kumar Barman: দৰং জিলাত উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়ত জিলাখনত "সৌভাগ্য" আঁচনিৰ সফল ৰূপায়নৰ বাবে প্ৰশাসনিক বিষয়াগৰাকীলৈ এই ৰাষ্ট্ৰীয় স্বীকৃতি আগবঢ়োৱা হৈছে ।

  • Share this:
সফলভাৱে চৰকাৰী আঁচনি ৰূপায়ণ কৰাৰ বাবে অসমৰ ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া তথা যোৰহাটৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনলৈ আগবঢ়োৱা হৈছে Prime Minister's Award for Excellence in Public Administration , 2019 । ২০১৮-১৯ চনত দৰং জিলাত উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত জিলাখনত "সৌভাগ্য" আঁচনিৰ সফল ৰূপায়ণৰ বাবে প্ৰশাসনিক বিষয়াগৰাকীলৈ এই ৰাষ্ট্ৰীয় স্বীকৃতি আগবঢ়োৱা হৈছে।

উত্তৰ-পূৰ্বাঞ্চল আৰু পাহাৰীয়া ৰাজ্যসমূহৰ ভিতৰত দৰং জিলাই জিলাখনত সৌভাগ্য আঁচনিৰ সফল ৰূপায়ণৰ বাবে শ্ৰেষ্ঠ জিলাৰ স্বীকৃতি হিচাপে প্ৰধানমন্ত্ৰীৰ বিশেষ বঁটাৰ বাবে নিৰ্বাচিত হৈছে ।

প্ৰধানমন্ত্ৰীৰ সহজ বিজুলী হৰ ঘৰ যোজনা চমুকৈ "সৌভাগ্য" আচঁনিৰ সফল ৰূপায়ণৰ বাবে এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে দৰং জিলাৰ লগতে তদানীন্তন উপায়ুক্ত অশোক কুমাৰ বৰ্মনে । ২০১৮-১৯ চনত দৰং জিলাত উপায়ুক্ত হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল প্ৰশাসনিক বিষয়াগৰাকীয়ে।

নতুন দিল্লীৰ বিজ্ঞান ভৱনত অহা ২০ আৰু ২১ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া "অসামৰিক সেৱা দিৱস" ২০২২ ৰ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ'ব। নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হ'ব লগা এই বঁটা প্ৰদান অনুষ্ঠানলৈ দৰঙৰ তদানীন্তন উপায়ুক্ত অশোক কুমাৰ বৰ্মন (Ashok Kumar Barman) আৰু  দৰং জিলাৰ বৰ্তমানৰ উপযুক্ত প্ৰণৱ কুমাৰ শৰ্মাই নিমন্ত্ৰণ লাভ কৰিছে।

দৰং জিলাত APDCLৰ বিষয়াসকলৰ সহযোগত সৌভাগ্য আঁচনিখন অতি সুন্দৰভাৱে ৰূপায়ণ কৰা হৈছিল বুলি জানিবলৈ দিয়ে উপায়ুক্ত বৰ্মনে । দৰঙৰ বহু ঠাইত এই আঁচনি ৰূপায়ণ কৰাটো অতি প্ৰত্যাহ্বানপূৰ্ণ আছিল যদিও এই আঁচনিৰ অধীনত  নিৰ্দ্ধাৰিত কৰা লক্ষ্য অনুযায়ী সকলো হিতাধিকাৰী পৰিয়ালক নিৰ্দিষ্ট সময়ৰ ভিতৰত বিদ্যুতৰ সংযোগ প্ৰদান কৰা হৈছিল। এই আঁচনিৰ সফল ৰূপায়ণৰ বাবে আঁচনিখন ৰূপায়ণৰ লগত জড়িত  বিভাগীয় বিষয়া-কৰ্মচাৰীসকলক অভিনন্দন জনায় উপায়ুক্তগৰাকীয়ে ।

" চৰকাৰী আঁচনি সফলভাৱে ৰূপায়ণ কৰা বাবে জিলা ভিত্তিত এই সন্মান প্ৰদান কৰা হৈছে । ২০১৮-১৯ চনত মই দৰং জিলাৰ উপায়ুক্ত আছিলোঁ। এই সন্মানৰ বাবে সেই সময়ৰ এপিডিচিএলৰ বিষয়া শৰ্মা ডাঙৰীয়া , কটকী ডাঙৰীয়াকে আদি কৰি বাকী বিষয়া-কৰ্মচাৰীসকলক মই কৃতজ্ঞতা জনাইছোঁ। আমি এই আঁচনি ৰূপায়ণ কৰা বহু ঠাইলৈ সেই সময়ত বিদ্যুৎ সংযোগ যোৱাই নাছিল। তাৰ মাজতে চৰ-চাপৰি অঞ্চলো আছিল। যি আমাৰ বাবে প্ৰত্যাহ্বানপূৰ্ণ আছিল।" -যোৰহাটৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে এনেদৰে কয়।

ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি প্ৰদান কৰা এই বঁটাই প্ৰশাসন তথা সকলো চৰকাৰী বিভাগকে জনসাধাৰণক গুণগত সেৱা প্ৰদানৰ বাবে উৎসাহিত কৰিব। উল্লেখযোগ্য যে "Prime Minister's Award for Excellence in Public Administration, 2019''ৰ অধীনত এক স্মাৰক, এখন তাম্ৰপত্ৰ আৰু ১০ লাখ টকাৰ এক উদগনিমূলক ধনৰাশি প্ৰদান কৰা হ'ব।
Published by:Gautam Barman
First published: