মুখ্যপৃষ্ঠা »খবৰ »অসম »PM Narendra Modi : নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ অখণ্ড কীৰ্তনত ভাগ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

PM Narendra Modi : নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ অখণ্ড কীৰ্তনত ভাগ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

বিশ্বশান্তিৰ বাবে কৃষ্ণগুৰু সেৱাশ্ৰমে আয়োজন কৰিছে 'একনাম অখণ্ড কীৰ্তন'

বিশ্বশান্তিৰ বাবে কৃষ্ণগুৰু সেৱাশ্ৰমে আয়োজন কৰিছে 'একনাম অখণ্ড কীৰ্তন'

  • Share this:

বিশ্বশান্তিৰ বাবে চলিত মাহজোৰা 'কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্ত্তন'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Narendra Modi)য়ে ভার্চুৱেলী অংশগ্ৰহণ কৰিব। ৩ ফেব্ৰুৱাৰী শুকুৰবাৰে বিয়লি ৪:৩০ বজাত কৃষ্ণগুৰু সেৱাশ্ৰম (Krishnaguru Sewashram)ৰ শিষ্যসকলক প্রধানমন্ত্রীয়ে সম্বোধন কৰিব। উল্লেখযোগ্য যে, সপ্তাহজোৰা কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্ত্তন প্ৰতিবছৰে অনুষ্ঠিত হৈ আহিছে আৰু বিশ্বশান্তিৰ বাবে কৃষ্ণগুৰু সেৱাশ্ৰমৰ এমহীয়া অখণ্ড কীৰ্ত্তন প্রতি বাৰ বছৰৰ পাছত অনুষ্ঠিত হয়।


এইবাৰ সুদীৰ্ঘ বাৰ বছৰৰ মূৰত এই এমহীয়া অখণ্ড কীৰ্ত্তন অনুষ্ঠিত হৈছে যি চলিত বৰ্ষৰ ৬ জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল আৰু অহা ৫ ফেব্ৰুৱাৰীত সমাপ্ত হ'ব। উল্লেখযোগ্য যে ৫০০ বছৰ পুৰণি নসত্ৰ ধাম ষোল্ল শতিকাত মহাবৈষ্ণৱ মনোহৰদেৱে প্ৰতিষ্ঠা কৰিছিল, যিগৰাকী আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একান্ত অনুগামী।


বৰ্তমান বৰপেটা জিলাৰ অন্তৰ্গত এই নসত্ৰ অঞ্চলতে ১৯৭৪ চনত মনোহৰদেৱৰ নৱম বংশধৰ পৰমগুৰু কৃষ্ণগুৰু ঈশ্বৰে কৃষ্ণগুৰু সেৱাশ্ৰম (religious place Krishnaguru sewashram) প্রতিষ্ঠা কৰিছিল। বহু বছৰৰ সাধনাৰ পিছত কৃষ্ণগুৰুৱে ভক্তি আৰু আধ্যাত্মিকতাক মুখ্য উৎস হিচাপে লৈ জাতি, ধর্ম, ভাষা, বর্ণ আৰু সম্প্রদায় নির্বিশেষে সকলোকে একত্ৰিত কৰাৰ চেষ্টা কৰিছিল, যাৰ ধাৰা অব্যাহত আছে।

শেহতীয়া বাতৰি