অহা ২৮ এপ্ৰিলত অসমৰ স্বাস্থ্যখণ্ডত সংযোজন ঘটিব এক যুগান্তকাৰী পদক্ষেপৰ। টাটা ট্ৰাষ্ট আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত অসমত নিৰ্মাণ কৰা কেন্সাৰ হাস্পতালসমূহৰ সাতখন হাস্পতাল ২৮ এপ্ৰিলত আনুষ্ঠানিকভাৱে মুকলি কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। দেওবাৰে যোৰহাটত নিৰ্মাণ চলি থকা কেন্সাৰ হাস্পতালখন পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। এই কেন্সাৰ হাস্পতালসমূহত সকলোখিনি উন্নত চিকিৎসাসেৱা উপলব্ধ হ'ব।
টাটা ট্ৰাষ্ট আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত গঠিত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ (Assam Cancer Care Foundation) দ্বাৰা অসমত নিৰ্মাণ কৰিবলৈ লোৱা হৈছিল ১৮খনকৈ বিভিন্ন পৰ্যায়ৰ কেন্সাৰ কেয়াৰ হাস্পতাল (cancer care hospitals) । প্ৰথম পৰ্যায়ত ইয়াৰে দহখন হাস্পতালৰ নিৰ্মাণৰ কাম চলি আছে । লেভেল 1 , লেভেল 2 আৰু লেভেল 3 অৰ্থাৎ চিকিৎসালয় তথা গৱেষণা প্ৰতিষ্ঠান, ৱাৰ্ড সন্নিৱিষ্ট চিকিৎসালয় আৰু ডেকেয়াৰ চিকিৎসালয় , এই তিনিটা পৰ্যায়ৰ কেন্সাৰ হাস্পতাল অসমত টাটা ট্ৰাষ্ট (Tata Trust) আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত নিৰ্মাণ কৰা হৈছে।
অহা ২৮ এপ্ৰিলত ইয়াৰে সাতখন কেন্সাৰ হাস্পতাল আনুষ্ঠানিকভাৱে মুকলি কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে (PM Narendra Modi) । ইয়াৰ ভিতৰত আছে যোৰহাটৰ জেএমচিএইচ চৌহদত নিৰ্মাণ কৰা কেন্সাৰ হাস্পতালখনো । ২৮ এপ্ৰিলৰ পূৰ্বেই এই চিকিৎসালয়সমূহ সাজু হৈ উঠিব ।
"২৮ এপ্ৰিলৰ পূৰ্বেই এই চিকিৎসালয়সমূহৰ অ'পিডিসমূহ সাজু হৈ উঠিব । ইয়াত স্থাপন কৰা অত্যাধুনিক চিকিৎসা ব্যৱস্থাসমূহ পৰীক্ষামূলকভাৱে ব্যৱহাৰ কৰিব পৰা যাব । ২৮ এপ্ৰিলত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা সাতখন কেন্সাৰ হাস্পতাল আনুষ্ঠানিকভাৱে মুকলি কৰিব।" স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এনেদৰে কয়।
অসমত নিৰ্মাণ কৰা কেন্সাৰ হাস্পতালসমূহত ৰোগীসকলে কেমোথেৰাপি, ৰেডিয়েচন থেৰাপীকে ধৰি সকলোখিনি উন্নত মানৰ চিকিৎসাসেৱা লাভ কৰিব। যোৰহাটৰ চিকিৎসালয়খনত ৰোগী থকাৰ ব্যৱস্থা নাথাকিব। এইখন হৈছে এখন লেভেল থ্ৰী ডেকেয়াৰ হাস্পতাল। কিন্তু প্ৰয়োজন অনুসৰি ৰোগীসকলে অসমত স্থাপন কৰা বাকী কেন্সাৰ হাস্পতালসমূহত লেভেল টু বা লেভেল ৱান চিকিৎসা সেৱা লাভ কৰিব পাৰিব। অসমত নিৰ্মাণ কৰা এই কেন্সাৰ হাস্পতালসমূহৰ দ্বাৰা ৰোগীসকল অধিক উপকৃত হ'ব কেন্সাৰ ৰোগ ধৰা পেলোৱা পৰীক্ষাসমূহৰ দ্বাৰা । অৰ্থাৎ আৰম্ভণিতে কেন্সাৰ ৰোগ ধৰা পেলোৱা পৰীক্ষাসমূহ এই চিকিৎসালয়সমূহত উপলব্ধ হ'ব ।
"যোৰহাটৰ চিকিৎসালয়খনত কেমোথেৰাপি, ৰেডিঅ'থেৰাপিকে ধৰি কমপ্ৰিহেনছিভ ডেকেয়াৰ চিকিৎসাসেৱাখিনি ৰোগীসকলে লাভ কৰিব। ইয়াতকৈ বেছি চিকিৎসা সেৱাৰ প্ৰয়োজন হ'লে আমাৰ বাকী চিকিৎসালয়সমূহলৈ গ'লে সেয়া লাভ কৰিব। ৰোগীসকল অতিকৈ লাভৱান হ'ব কেন্সাৰৰ আৰ্লি ডিটেকচনৰ জৰিয়তে। ইয়াত সেই পৰীক্ষাৰ সুবিধাসমূহ থাকিব আৰু যিমান সোনকালে ৰোগী এজনৰ শৰীৰত এই ৰোগ ধৰা পৰে সিমান সোনকালেই চিকিৎসাৰ জৰিয়তে আৰোগ্য হৈ উঠাৰ সম্ভাৱনা বৃদ্ধি পায়।" টাটা কেন্সাৰ কেয়াৰ হাস্পতাল যোৰহাটৰ অধীক্ষক ডাঃ বিপুল ভূঞাই এনেদৰে কয়।
আনহাতে অচিৰেই যোৰহাটত জাইকাৰ পুঁজিৰে নিৰ্মাণ কৰা হ'ব এখন ছুপাৰ স্পেচিয়েলিটি হাস্পতাল (super speciality hospital)। অসম তথা উত্তৰ পূৰ্বাঞ্চলত কেন্সাৰ ৰোগীৰ আধিক্যৰ প্ৰতি লক্ষ্য ৰাখি টাটা ট্ৰাষ্টৰ বিশেষ অৱদানেৰে নিৰ্মাণ কৰা এই অত্যাধুনিক কেন্সাৰ হাস্পতালসমূহৰ দ্বাৰা হাজাৰ হাজাৰ লোক বহু পৰিমাণে উপকৃত হ'ব ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|