বুধবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰিলে বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিয়ে। বিশিষ্ট সাহিত্যিকগৰাকীৰ মৃত্য়ুক এতিয়া শোকস্তব্ধ ৰাজ্যবাসী। বুধবাৰে পুৱা ৬.৫৮ বজাত গুৱাহাটীৰ জিএনআৰচি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বৰগোহাঞিয়ে। উল্লেখ্য যে, নিশা ৩বজাত বিছনাৰ পৰা ঢলি পৰিছিল বৰগোহাঞি। অসুস্থ অৱস্থাত দুই সহায়কাৰীয়ে লৈ আহিছিল হাস্পতাললৈ।
বিশিষ্ট সাহিত্যিকগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। টুইটাৰৰ জৰিয়তে শোক ব্যক্ত কৰি প্ৰধানমন্ত্ৰীয়ে লিখিছে যে, “অসমীয়া সাহিত্য আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে শ্ৰী হোমেন বৰগোহাঞি স্মৰণীয় হৈ ৰ’ব। তেওঁৰ কৰ্মৰাজিয়ে অসমীয়া জনজীৱন আৰু সংস্কৃতিৰ বিভিন্ন দিশ প্ৰতিফলিত কৰিছিল। তেওঁৰ দেহাৱসানে মৰ্মাহত কৰিছে। তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকললৈ সমবেদনা জনাইছো। ঔম শান্তি।”
১৯৩২ চনত হোমেন বৰগোহাঞিৰ জন্ম হৈছিল লখিমপুৰ জিলাৰ ঢকুৱাখনাত। পঞ্চাছৰ দশকৰ পৰাই গল্প, কবিতা, উপন্যাস, প্ৰবন্ধৰে অসমীয়া সাহিত্যক এক অনন্য মাত্ৰা প্ৰদান কৰি আহিছিল সাহিত্যিকগৰাকীয়ে। চাকৰি এৰি তেওঁ খোজ দিছিল সংবাদ জগততো।
হোমেন বৰগোহাঞিয়ে কেইবাখনো উপন্যাসেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। সেই কেইখন হ'ল- সাউদৰ পুতেকে নাও মেলি যায়, হালধীয়া চৰায়ে বাওধান খায়, অস্তৰাগ, পিতা-পুত্ৰ, দুখন ৰাজনৈতিক উপন্যাস: কুশীলৱ, তিমিৰ তীৰ্থ, এদিনৰ ডায়েৰী, বিষণ্ণতা, নিসংগতা, সুবালা, মৎস্যগন্ধা আৰু তান্ত্ৰিক। তেখেতে লিখা এখন কবিতা পুথি হৈছে হৈমন্তী।
তেখেতৰ কেইবাখনো প্ৰবন্ধ সংকলনৰ অন্যতম- প্ৰজ্ঞাৰ সাধনা, গদ্যৰ সাধনা, পাঠকৰ টোকবহী, উচ্চাকাংক্ষা, আশীৰ দশকৰ দস্তবেজ, বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি, মানুহ হোৱাৰ গৌৰৱ, আধুনিক যুগৰ জন্ম কাহিনী, কিতাপ পঢ়াৰ আনন্দ, শৰীৰ আৰু হৃদয়, সাৰাংশ, জিজ্ঞাসা।
১৯৭৮ চনত
পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয় বৰেণ্য সাহিত্যিকগৰাকী। তেখেতে ইয়াৰ উপৰিও অসম উপত্যাকা সাহিত্য বঁটা, নীলমণি ফুকন বঁটা, শ্ৰীমন্ত শংকৰদেৱ বঁটাও লাভ কৰিছিল। ২০০১ আৰু ২০০২ চনত অসম সাহিত্য সভাৰ ডিব্ৰুগড় আৰু কলগাছিয়া অধিৱেশনৰ সভাপতি আসন শুৱনি কৰিছিল হোমেন বৰগোহাঞিয়ে। সংবাদ জগতৰ সৈতে নিবিড় সম্পৰ্ক থকা বৰগোহাঞিয়ে কেইবাখনো বাতৰি কাকতৰ সৈতেও জড়িত আছিল। সঁচাকৈয়ে বৰগোহাঞিৰ মৃত্যু অসমৰ সাহিত্য, সংবাদ, সমাজ জীৱনৰ এক অপূৰণীয় ক্ষতি।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : May 12, 2021, 14:42 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।