ধৰ্মীয় অনুভূতিত আঘাত হানি কেইজনমান মুছলমান যুৱকক ‘জয় শ্ৰীৰাম ধ্বনি’ দিবলৈ বাধ্য কৰাইছিল ৰামসেনাৰ কৰ্মীয়ে ৷ এখন অটোৰে গৈ থকা মুছলমান যুৱককেইজনক বাট আগচি ধৰি মাৰপিটো কৰিছিল উদণ্ড ৰামসেনাৰ কৰ্মীয়ে ৷
ধৰ্মীয় অনুভূতিত আঘাত হানি কেইজনমান মুছলমান যুৱকক ‘জয় শ্ৰীৰাম ধ্বনি’ দিবলৈ বাধ্য কৰাইছিল ৰামসেনাৰ কৰ্মীয়ে ৷ এখন অটোৰে গৈ থকা মুছলমান যুৱককেইজনক বাট আগচি ধৰি মাৰপিটো কৰিছিল উদণ্ড ৰামসেনাৰ কৰ্মীয়ে ৷
ৰাম সেনা অসমৰ প্ৰতিষ্ঠাপক যোগী দেৱজিৎ ডেকাক আটক। বৰপেটা আৰক্ষীয়ে শুকুৰবাৰে নিশা গুৱাহাটীৰ পৰা আটক কৰে ৷ বৰপেটাত মুছলমান যুৱকক আক্ৰমনৰ ঘটনাৰ সৈতে জড়িত আছিল ডেকা ৷ ধৰ্মীয় অনুভূতিত আঘাত হানি কেইজনমান মুছলমান যুৱকক ‘জয় শ্ৰীৰাম ধ্বনি’ দিবলৈ বাধ্য কৰাইছিল ৰামসেনাৰ কৰ্মীয়ে ৷ এখন অটোৰে গৈ থকা মুছলমান যুৱককেইজনক বাট আগচি ধৰি মাৰপিটো কৰিছিল উদণ্ড ৰামসেনাৰ কৰ্মীয়ে ৷ ঘটনাটো সংঘটিত কৰি যোগী দেৱজিৎ ডেকাই ফেচবুকযোগে প্ৰচাৰ কৰিছিল। তাৰপিছতে এই ঘটনাক লৈ সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷
ঘটনাটোত জড়িত দেৱজিৎ ডেকাৰ বিৰুদ্ধে আমছুৰ বৰপেটা জিলা সমিতিয়ে ৰুজু কৰিছিল গোচৰ ৷ হাউলী থানাৰ লগতে বৰপেটা সদৰ থানাতো কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু মুছলিম ছাত্ৰসন্থাৰ বৰপেটা জিলা সমিতিয়ে ৰুজু কৰিছিল গোচৰ ৷ আনহাতে বৰপেটাৰ বিভিন্ন দল–সংগঠনেও ৰামসেনাৰ এনে বৰ্বৰ কাণ্ডৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল ৷
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|