ছিৰিয়েল কিলাৰ বিকাশ দাসক যাৱজ্জীৱন কাৰাদণ্ড

২০১৮ চনৰ জুলাইত বিকাশ দাসে সংঘটিত কৰিছিল এই জঘন্য হত্যাকাণ্ড। ২৪ ঘণ্টাৰ ভিতৰত চলন্ত ৰে’লত বলাৎকাৰ কৰি গামোচাৰে ডিঙি চেপি হত্যা কৰিছিল এগৰাকী যুৱতী আৰু এগৰাকী মহিলাক।

news18assam
Updated:June 7, 2019, 1:42 PM IST
ছিৰিয়েল কিলাৰ বিকাশ দাসক যাৱজ্জীৱন কাৰাদণ্ড
২০১৮ চনৰ জুলাইত বিকাশ দাসে সংঘটিত কৰিছিল এই জঘন্য হত্যাকাণ্ড। ২৪ ঘণ্টাৰ ভিতৰত চলন্ত ৰে’লত বলাৎকাৰ কৰি গামোচাৰে ডিঙি চেপি হত্যা কৰিছিল এগৰাকী যুৱতী আৰু এগৰাকী মহিলাক।
news18assam
Updated: June 7, 2019, 1:42 PM IST
চলন্ত ৰে’লত অসম কৃষি বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰী আৰু আন এগৰাকী মহিলাক বলাৎকাৰ কৰি হত্যা কৰা গোচৰত অভিযুক্ত দুৰ্ধৰ্ষ অপৰাধী বিকাশ দাসক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে তিনিচুকীয়া জিলা সত্ৰ ন্যায়াধীশৰ আদালতে। আজি ন্যায়াধীশ পাৰ্থিৱ জ্যোতি
শইকীয়াৰ আদালতে প্ৰদান কৰে এই গুৰুত্বপূৰ্ণ ৰায়। উক্ত ঘটনাৰ আনজন অভিযুক্ত বিপিন পাণ্ডেক গোচৰৰ পৰা মুক্ত কৰা হৈছে।

উল্লেখযোগ্য যে ২০১৮ চনৰ জুলাইত বিকাশ দাসে সংঘটিত কৰিছিল এই জঘন্য হত্যাকাণ্ড। ২৪ ঘণ্টাৰ ভিতৰত চলন্ত ৰে’লত বলাৎকাৰ কৰি গামোচাৰে ডিঙি চেপি হত্যা কৰিছিল এগৰাকী যুৱতী আৰু এগৰাকী মহিলাক। গ্ৰেপ্তাৰৰ পিছতে বিকাশ দাসে স্বীকাৰ কৰিছিল হত্যাকাণ্ডৰ কথা।
আৰু চাওক পৰৱৰ্তী বাতৰি