কমাণ্ডো গিৰিশ দত্তৰ হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

বৃহস্পতিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল এই ঘটনাত জড়িত বিতোপন চেতিয়া নামৰ আন এজন অভিযুক্তক।

news18assam
Updated:June 7, 2019, 12:02 PM IST
কমাণ্ডো গিৰিশ দত্তৰ হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ
বৃহস্পতিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল এই ঘটনাত জড়িত বিতোপন চেতিয়া নামৰ আন এজন অভিযুক্তক।
news18assam
Updated: June 7, 2019, 12:02 PM IST
আৰক্ষীৰ জালত পৰিল অসম আৰক্ষীৰ কমাণ্ডো গিৰিশ দত্তৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত। তিনিচুকীয়াৰ বাৰেকুৰি অঞ্চলৰ এখন গাঁৱত আত্মগোপন কৰি থকা অৱস্থাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মূল অভিযুক্ত বিজুত চুতীয়াক।

বৃহস্পতিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল এই ঘটনাত জড়িত বিতোপন চেতিয়া নামৰ আন এজন অভিযুক্তক। ইয়াৰ পূৰ্বে গ্ৰেপ্তাৰ হৈছিল মিণ্টু চুতীয়া নামৰ অভিযুক্তজনক। উল্লেখযোগ্য যে নিজৰ ঘৰৰ সমীপতে দুৰ্বৃত্তৰ দলে ঘপিয়াই হত্যা কৰিছিল কমাণ্ডো গিৰিশ দত্তক। তিনিচুকীয়াৰ মাকুমত সংঘটিত হৈছিল এই ঘটনা।
আৰু চাওক পৰৱৰ্তী বাতৰি