কোভিডৰ বাবে আন লোকসকলৰ দৰে ক্ষতিগ্ৰস্ত হৈছে পুৰোহিতসমাজো। এনে পৰিস্থিতিত পুৰোহিতসকলক আৰ্থিক সাহায্য আগবঢ়াবলৈ চৰকাৰলৈ আহ্বান জনালে হাজোৰ কেদাৰ মন্দিৰৰ পুৰোহিত সমাজে।
উল্লেখ্য যে শাওণ মাহক পৱিত্ৰ মাহ ৰূপে গণ্য কৰা হয়। আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ আছিল। এই শাওণ মাহত ৰাজ্যৰ শিৱ মন্দিৰসমূহৰ লগতে হাজোৰ মদনাচল পাহাৰৰ শিখৰত থকা ঐতিহাসিক কেদাৰ মন্দিৰ ভক্তৰে গিজগিজাই থাকে। কিন্তু বৰ্তমান ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে এতিয়া নিমাওমাও পৰিৱেশ কেদাৰ মন্দিৰত।
ক'ভিডৰ বাবে চৰকাৰ তথা প্ৰশাসনে মঠ–মন্দিৰসমূহ বন্ধ কৰি দিয়াৰ ফলত এতিয়া তীব্ৰ আৰ্থিক সংকটত ভুগিছে মন্দিৰৰ পুৰোহিতসকল। সেয়ে হাজোৰ কেদাৰ মন্দিৰৰ পুৰোহিত সমাজে ৰাজ্য চৰকাৰক এই দিশত মনোযোগ দিবলৈ অনুৰোধ জনাইছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|