মুখ্যপৃষ্ঠা »খবৰ »অসম »Sitajakhala : বৃদ্ধি হ'ব সীতাজখলাৰ পেকেট গাখীৰৰ মূল্য, প্ৰতিলিটাৰ গাখীৰত কিমানলৈ মূল্যবৃদ্ধি?

Sitajakhala : বৃদ্ধি হ'ব সীতাজখলাৰ পেকেট গাখীৰৰ মূল্য, প্ৰতিলিটাৰ গাখীৰত কিমানলৈ মূল্যবৃদ্ধি?

দুগ্ধ উৎপাদক সমবায় সমিতিখনে লগতে ঘোষণা কৰিছে “নন্দলাল উপাধ্যায় ৰাজ্যিক কৃষক বঁটা”

দুগ্ধ উৎপাদক সমবায় সমিতিখনে লগতে ঘোষণা কৰিছে “নন্দলাল উপাধ্যায় ৰাজ্যিক কৃষক বঁটা”

দুগ্ধ উৎপাদক সমবায় সমিতিখনে লগতে ঘোষণা কৰিছে “নন্দলাল উপাধ্যায় ৰাজ্যিক কৃষক বঁটা”

  • Share this:
এইবাৰ বৃদ্ধি পাব সীতাজখলাৰ পেকেট গাখীৰৰ মূল্য ৷ প্ৰতিলিটাৰ গাখীৰত বৃদ্ধি হ'ব ২ ৰ পৰা ৩ টকাকৈ ৷ উৎপাদন মূল্য বৃদ্ধি হোৱাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে জাগীৰোডৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে ৷ বুধবাৰে এক সংবাদমেলযোগে এই কথা জনাইছে অধ্যক্ষ ৰঞ্জীৱ শৰ্মাই ৷ আনহাতে কৃষকসকলৰ ক্ষেত্ৰত টোল টেক্স ৰেহাই দিবলৈ চৰকাৰক আহ্বান জনাইছে সীতাজখলাৰ গো-পালকসকলে ৷

ইফালে সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে (Sitajakhala Dugdha Utpadak Samabai Samiti) ঘোষণা কৰিছে “নন্দলাল উপাধ্যায় ৰাজ্যিক কৃষক বঁটা” ৷ ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে বিগত দুটা বৰ্ষত বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰিব নোৱাৰাত এইবেলি তিনিটা বৰ্ষৰ বাবে একেলগে ঘোষণা কৰিছে এই বঁটাসমূহ ৷

গোৱালপাৰাৰ ধনুভাঙাৰ সমন্বিত খেতিয়ক দেৱব্ৰত ৰাভালৈ ২০২০ বৰ্ষৰ বঁটা ৷ সমান্তৰালভাৱে গহপুৰৰ মৎস্য পালক অনুপ শৰ্মালৈ আগবঢ়োৱা হৈছে ২০২১ বৰ্ষৰ বঁটা ৷ লগতে বিশ্বনাথৰ জৈৱিক খেতিয়ক নিলম দত্তলৈ ২০২২ বৰ্ষৰ “নন্দলাল উপাধ্যায় ৰাজ্যিক কৃষক বঁটা” ঘোষণা কৰিছে সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে ৷

আনহাতে এই বঁটাসমূহ প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক নিমন্ত্ৰণ জনাইছে বুলি জানিবলৈ দিয়ে সমবায় সমিতিৰ অধ্যক্ষ ৰঞ্জীৱ শৰ্মাই ৷ উক্ত বঁটা প্ৰদান অনুষ্ঠানতে উন্মোচন কৰা হ'ব প্ৰকাশ কৈৰালাই লিখি উলিওৱা “ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমৰ গোৰ্খা মুক্তি যুঁজাৰু সকল” শীৰ্ষক গ্ৰন্থখন ৷

শেহতীয়া বাতৰি