Mustard Oil Price : ধাৰা মিঠাতেলৰ পূৰ্বৰ দাম ২২০ টকাৰ পৰা কমি বৰ্তমান ১৯০ টকা হৈছে।
Mustard Oil Price : ধাৰা মিঠাতেলৰ পূৰ্বৰ দাম ২২০ টকাৰ পৰা কমি বৰ্তমান ১৯০ টকা হৈছে।
মিঠাতেলৰ (Mustard Oil) অত্যধিক মূল্যবৃদ্ধিয়ে জুৰুলা কৰি আহিছে ৰাইজক। খাটি খোৱা জনতাৰ পৰা চৰকাৰী কৰ্মচাৰীলৈকে প্ৰতিজন ব্যক্তিক জুৰুলা কৰিছে মিঠাতেলৰ মূল্যবৃদ্ধিয়ে।শেহতীয়াকৈ ৰাজ্যৰ কিছু কিছু ঠাইত মিঠাতেলকে ধৰি ৰিফাইন তেলৰো দাম কমা দেখা গৈছে। এইয়া স্বাভাৱিকতে ৰাজ্যবাসীৰ বাবে সুখবৰ।
বিশ্বনাথ (Biswanath) জিলাবাসী ৰাইজলৈ সুখবৰ কঢ়িয়াই আনিছে মিঠাতেলে। দীৰ্ঘদিনৰ মূৰত বিশ্বনাথ জিলাৰ হেলেম, গহপুৰকে আদি কৰি বিভিন্ন প্ৰান্তত হ্ৰাস পাইছে মিঠাতেল, ৰিফাইন তেলৰ দাম। হেলেমৰ মিছামাৰি সাপ্তাহিক বজাৰৰ একাংশ ব্যৱসায়ীৰ ভাষ্য অনুসৰি তেলৰ দাম কমিছে।
ধাৰা মিঠাতেলৰ পূৰ্বৰ দাম ২২০ টকাৰ পৰা কমি বৰ্তমান ১৯০ টকা হৈছে। নিৰজ মিঠাতেলৰ পূৰ্বৰ দাম ১৮০ টকাৰ পৰা কমি ১৬০ টকা হৈছে। হনুমান মিঠাতেলৰ পূৰ্বৰ দাম ১৬০ টকাৰ পৰা কমি ১৪০ টকা আৰু ৰিফাইন তেল ১৬০ টকাৰ পৰা ১৪০ টকা হৈছে। এক কথাত প্ৰতিলিটাৰ মিঠাতেলত ৩০ টকালৈ দাাম কমিছে বুলি গহপুৰৰ হেলেম-মিছামাৰী অঞ্চলৰ সাপ্তাহিক বজাৰৰ একাংশ ব্যৱসায়ীয়ে সংবাদ মাধ্যমক অৱগত কৰে।
অৱশ্য এই হ্ৰাস হোৱা মূল্য এতিয়াও প্ৰায়বোৰ দোকানতে প্ৰযোজ্য হোৱা নাই। গহপুৰ-হেলেম অঞ্চলৰ মিঠাতেলৰ ষ্টক ৰখা ব্যৱসায়ী সকলেও জনায় যে দুই-এদিনৰ ভিতৰতে গহপুৰ মহকুমাৰ দোকান সমূহত প্ৰযোজ্য হ'ব মিঠাতেলৰ শেহতীয়া নিৰিখ।
যি সময়ত মূল্য বৃদ্ধিৰ জুইয়ে দহি পেলাইছে সাধাৰন জনতাক তেনে সময়তে হেলেম-মিছামাৰী সাপ্তাহিক বজাৰৰ ব্যৱসায়ীৰ মুখত দাম কমা বুলি শুনিবলৈ পাই কিছু সন্টুষ্টি প্ৰকাশ কৰিছে গহপুৰীয়া ৰাইজে। কিন্তু যেতিয়াৰ পৰা হ্ৰাস মূল্যত মিঠাতেল কিনিব পাব সেই দিনাৰ পৰাহে বেছি সুখী হ'ব বুলি উল্লেখ কৰে গ্ৰাহকে। আন একাংশ গ্ৰাহকৰ মতে মিঠাতেলৰ দাম ১২০ৰ পৰা ১৫০ টকা হ'লেহে প্ৰকৃতাৰ্থত দাম কমা বুলি ক'ব পাৰি। মুঠৰ ওপৰত মিঠাতেলৰ কিছু মূল্য যে হ্ৰাস হৈছে সেয়া নিশ্চিত হৈ পৰিছে। কিন্তু গাঁও-চহৰ অঞ্চলৰ দোকানীসকলে কেতিয়াৰ পৰা মিঠাতেলৰ মূল্য কমাই লয় সেইটোহে গুৰুত্বপূৰ্ণ হৈ উঠিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|