'অসমীয়া মানুহৰ কথা চিন্তা কৰিব পৰা এতিয়া এজনেই মানুহ আছে, সেয়া হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মূল্যবৃদ্ধি ৰোধৰ বাবে চৰকাৰে পদক্ষেপ লৈছে। কিবা যদি কৰে চৰকাৰে কৰিব। মূল্যবৃদ্ধিৰ বাবে আমাৰো সমস্যা হৈছে।'- এই মন্তব্য থাওৰা সমষ্টিৰ বিজেপি বিধায়ক সুশান্ত বৰগোঁহাইৰ।
ইফালে কংগ্ৰেছ দলকো তীব্ৰ সমালোচনা কৰে সৌ-সিদিনালৈকে কংগ্ৰেছী সুশান্ত বৰগোঁহাইয়ে। ন-বিজেপি সুশান্তই কয় যে, 'অসমৰ ভৱিষ্যতৰ পৰিকল্পনা কংগ্ৰেছ দলৰ নাই। এতিয়া সংখ্যালঘুৰ সমষ্টিতে পুনৰ মূৰ সোমাবলগীয়া হৈছে। কিন্তু সংখ্যালঘুও এতিয়া বিজেপিৰ প্ৰতি আকৰ্ষিত হৈছে। কংগ্ৰেছত দুই-এজনৰ মতেই সিদ্ধান্ত হয়। বাকীবোৰৰ সৈতে আলোচনাও নকৰে। দলীয় কৰ্মীৰ কথাও নুশুনে।'
ইফালে কংগ্ৰেছ দলে ভৱিষ্যতে AIUDFৰ সৈতে কোনোধৰণৰ মিত্ৰতা নকৰে বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, 'AIUDFক নিৰ্বাচনৰ আগে আগে ৰঙা দলিছা পাৰে কংগ্ৰেছে আৰু নিৰ্বাচনৰ পাছত কাজিয়া কৰে।
কংগ্ৰেছৰ নেতৃত্বই নিজৰ দলৰে নেতৃত্ব ল'ব পৰা নাই, দেশৰ নেতৃত্ব বহু দূৰত।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|