সমগ্ৰ দেশৰ লগতে অসমতো অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ ৷ কি বিৰোধী, কি অৰাজনৈতিক দল-সংগঠন সকলোৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে ক্ষোভ, বিক্ষোভ কাৰ্য্যসূচী ৷
পিছে, খাদ্য সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে অন্য ৰাজনৈতিক দল সংগঠনে সাব্যস্ত কৰা প্ৰতিবাদৰ বিপৰীতে পৃথক তথা অভিনৱ প্ৰতিবাদ প্ৰাক্তন সংসদ ৰাম প্ৰসাদ শৰ্মাৰ ৷ শুকুৰবাৰে মহানগৰীৰ ৰাজপথত ঘোঁৰা চলাই প্ৰতিবাদ সাব্যস্ত কৰে সাংসদগৰাকীয়ে ৷
পেট্ৰ'ল-ডিজেলৰ অত্যাধিক মূল্যৰ পৰা হাত সাৰিবলৈ জনতাক ঘোঁৰা চলোৱাৰ আহ্বান আৰ পি শৰ্মাৰ। দীঘলীপুখুৰীৰ পৰা গুৱাহাটী উচ্চ ন্যায়লয়লৈ ঘোঁৰাৰ উঠি সাব্যস্ত কৰিলে এই প্ৰতিবাদ ৷ সাংসদগৰাকীৰ অভিযোগ বৰ্ধিত পেট্ৰ'ল-ডিজেলৰ মূল্যই় কোঙা কৰিছে জনতাক৷ সেয়ে গাড়ী মটৰ চলাবলৈ অসহায় দেশবাসী ৷ তেনে দেশবাসীক মূল্যবৃদ্ধিৰ পৰা পৰিত্ৰাণ পোৱাৰ লক্ষ্যৰে সাংসদগৰাকীৰ এই ক্ষোভ আৰু প্ৰতিবাদ ৷
উল্লেখ্য যে, আৰ পি শৰ্মাৰ এই ক্ষোভৰ সৈতে শাসনত থাকিও সুৰত সুৰ দিছে বিধায়ক সুশান্ত বৰগোঁহাইয়ে ৷ অধিক মূল্যবৃদ্ধিত আমিও ভুক্তভোগী ৷ চৰকাৰক ব্যৱস্থা লোৱাোৰ আহ্বান বিজেপিৰ বিধায়কগৰাকীয়ে ৷ পিছে, ভুক্তভোগী জনতাৰ এই ক্ষোভৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য- 'সময়লৈ অপেক্ষা কৰক ৷ সময়ত হ্ৰাস পাব মূল্য ৷' কিন্তু জনতালৈ কেতিয়া আহিব এই সময়? সেয়াহে লক্ষণীয় !