• Home
  • »
  • News
  • »
  • assam
  • »
  • ''মূল্যবৃদ্ধি'' কংগ্ৰেছ-AIUDFৰ মূল নিৰ্বাচনী ইছ্যু, কিন্তু দুয়ো দলৰ মাজত যুঁজ আজিও এনেদৰে আছে অব্যাহত

''মূল্যবৃদ্ধি'' কংগ্ৰেছ-AIUDFৰ মূল নিৰ্বাচনী ইছ্যু, কিন্তু দুয়ো দলৰ মাজত যুঁজ আজিও এনেদৰে আছে অব্যাহত

এইবাৰ BJP আৰু কংগ্ৰেছে কান্দিব, আমি হাঁহিম: আজমল

এইবাৰ BJP আৰু কংগ্ৰেছে কান্দিব, আমি হাঁহিম: আজমল

এইবাৰ BJP আৰু কংগ্ৰেছে কান্দিব, আমি হাঁহিম: আজমল

  • Share this:

মহাজোঁটৰ এতিয়া আৰু কোনো অস্তিত্ব নাই ৷ কংগ্ৰেছে মহাজোঁটৰ পৰা বদৰুদ্দিন আজমলৰ AIUDFক আঁতৰাই  পঠিওৱাৰ পিছত এইবাৰ উপ নিৰ্বাচনত দুয়োটা দলে অকলে অকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷ কিন্তু দুয়োটা দলৰ নিৰ্বাচনী ইছ্যু একেই ৷


বিৰোধীৰ মূল নিৰ্বাচনী ইছ্যু হ'ব মূল্যবৃদ্ধি ৷ কংগ্ৰেছ-AIUDFয়ে ৰাইজৰ কাষলৈ ভোট বিচাৰি যাব মূল্যবৃদ্ধিক লৈ ৷ দেওবাৰে দিছপুৰৰ বিধায়ক আবাসত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলে ক'লে- “মূল্যবৃদ্ধিয়ে জ্বলাইছে ৰাজ্যবাসীক ৷ পইচাৱালা আৰু গৰিব, কাৰোৰে হাতত নোহোৱা হৈছে পইচা ৷ কেনেকৈ চলিব এতিয়া ৰাইজ৷”


মূল্যবৃদ্ধিক মূল নিৰ্বাচনী ইছ্যু হিচাপে বদৰুদ্দিন আজমলে লোৱাৰ সময়তে প্ৰধান বিৰোধী দল কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰেও ক'লে- “মূল্যবৃদ্ধিৰ সময়ত BJPৰ মন্ত্ৰী-বিধায়কে হাঁহি আছে৷ মূল্যবৃদ্ধিয়ে বেয়াকৈ কন্দুৱাইছে সাধাৰণ জনতাক ৷ ৰাইজে উচিত উত্তৰ দিব BJPক ৷”


ইপিনে ৩০ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া পাঁচটা সমষ্টিৰ ভিতৰত গোসাঁইগাঁও আৰু ভৱানীপুৰত প্ৰাৰ্থিত্ব দিছে AIUDFয়ে ৷ দুয়োটা সমষ্টিতে AIUDF জয়ী হ'ব বুলি দাবী কৰিছে আজমলে ৷ আজমলে লগতে ক'লে- “এইবাৰ BJP আৰু কংগ্ৰেছে কান্দিব আৰু AIUDFয়ে হাঁহিব ৷”


উপ–নিৰ্বাচনত কংগ্ৰেছে কান্দিব লাগিব বুলি কোৱাৰ পিছতে APPCৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে উভতি ধৰিলে আজমলক ৷ জাকিৰে ক'লে-  “আজমল চাহাবৰ দিন উকলিছে ৷ ৰাইজে গুৰুত্ব নিদিয়ে আৰু তেওঁৰ কথাক ৷ প্ৰাৰ্থিত্ব নিদিয়া সমষ্টিত AIUDFৰ সমৰ্থকে কাক ভোট দিব, আজমলে ৰাজহুৱা কৰক ৷ ৰাজহুৱাকৈ কাক ভোট দিবলৈ ক'ব সদৰী কৰক আজমল চাহাবে ৷ তাৰ পিছত কংগ্ৰেছে উত্তৰ দিব ৷”


এনেকৈয়ে উপ–নিৰ্বাচনৰ পূৰ্বে এসময়ৰ বন্ধু দল কংগ্ৰেছ আৰু AIUDFৰ মাজত এতিয়া চলিছে কথাৰ অৰিয়া–অৰি ৷

Published by:Gautam Barman
First published: