உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • অভাৱনীয় হাৰত মূল্যবৃদ্ধি! ৩৫ টকা পৰ্যন্ত বাঢ়িছে প্ৰতিলিটাৰ মিঠাতেলৰ দাম! পাচলিৰ বজাৰৰ ফালে চাবই নোৱাৰি!

    অভাৱনীয় হাৰত মূল্যবৃদ্ধি! ৩৫ টকা পৰ্যন্ত বাঢ়িছে প্ৰতিলিটাৰ মিঠাতেলৰ দাম! পাচলিৰ বজাৰৰ ফালে চাবই নোৱাৰি!

    মিঠাতেলেই নহয় শাক-পাচলিৰ বজাৰতো অভাৱনীয় মূল্যবৃদ্ধি হোৱা পৰিলক্ষিত হৈছে।

    মিঠাতেলেই নহয় শাক-পাচলিৰ বজাৰতো অভাৱনীয় মূল্যবৃদ্ধি হোৱা পৰিলক্ষিত হৈছে।

    মিঠাতেলেই নহয় শাক-পাচলিৰ বজাৰতো অভাৱনীয় মূল্যবৃদ্ধি হোৱা পৰিলক্ষিত হৈছে।

    • Share this:
    ৰাজ্যজুৰি ব্যাপক হাৰত মূল্যবৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। অভাৱনীয় হাৰত বাঢ়িছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম। বজাৰত লগে জুইয়ে সাধাৰণ জনতাক কোঙা কৰি পেলোৱাৰ সময়তে শাসকীয় পক্ষৰ মন্ত্ৰী বিধায়কে দিয়া তুলুঙা মন্তব্যই এতিয়া বাৰুকৈয়ে বিতুষ্ঠ কৰি তুলিছে। মিঠাতেলৰ দামবৃদ্ধি সন্দৰ্ভত প্ৰশ্ন কৰোতে দিছপুৰৰ বিধায়ক অতুল বৰাই ৰাইজক মিঠাতেল কমকৈ খোৱাৰ পৰামৰ্শ দিছে। ব্ৰেণ্ড অনুসৰি ব্যাপক হাৰত বাঢ়িছে মিঠাতেলৰ দাম। প্ৰতিলিটাৰ মিঠাতেলৰ দামত ৬টকাৰ পৰা ৩৫ টকা বাঢ়িছে দাম।

    মিঠাতেলেই নহয় শাক-পাচলিৰ বজাৰতো অভাৱনীয় মূল্যবৃদ্ধি হোৱা পৰিলক্ষিত হৈছে।বজাৰত প্ৰতি কেজি জিকাৰ মূল্য ৬০ৰ পৰা ৮০ টকা। সেইদৰে  তিতা কেৰেলাৰ মূল্য প্ৰতি কেজিত ১২০-১৫০ টকা। ভেন্দিৰ মূল্য ১০০ৰ পৰা ১২০ টকা। আনকি  বিস্কুটৰ মূল্যও ৫টকাকৈ বৃদ্ধি পাইছে।

    কিন্তু এনে মূল্যবৃদ্ধিৰ প্ৰসংগ উত্থাপন হ'লেই শাসকীয় পক্ষৰ লোকৰ মুখত কেৱল এনেধৰণৰ কথা, 'আমি বুজি পাইছো। কিন্তু সকলো আমাৰ হাতত নাথাকে। খেতি কৰক। স্বাৱলম্বী হওক। শাক-পাচলি কমকৈ খাওক। মিঠাতেল ব্যৱহাৰ নকৰিব। বইল খাওক।'
    Published by:Himangshu Bhuyan
    First published: