অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি শিৱসাগৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। শিৱসাগৰ দৌলমুখ চাৰি আলিত মুখ্যমন্ত্ৰী আৰু যোগান মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ। কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতৰ বহু সংখ্যক সদস্য তথা বিষয়ববীয়াই হাতে হাতে প্লেকাৰ্ড, বেনাৰ লৈ যোগান মন্ত্ৰী হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে।