শ্ৰীৰামপুৰৰ ছিণ্ডিকেট উৎখাত কৰাৰ পিছতে ব্যাপক হাৰত হ্ৰাস পাইছে ব্ৰইলাৰ মুৰ্গীৰ দাম। পূৰ্বতকৈ ৬৬ টকা হ্ৰাস পাইছে প্ৰতিকিলো ব্ৰইলাৰ মুৰ্গীত।
মহানগৰীৰ হাতীগাঁওত বৰ্তমান ব্ৰইলাৰৰ পাইকাৰী দোকানৰ মূল্য গোটা ১২৪ টকা আৰু কটা মাংসৰ ২৩০ টকা। পূৰ্বে বহিঃৰাজ্যৰ পৰা অহা ট্ৰাকে শ্ৰীৰামপুৰ গেটত দিব লগা হৈছিল ২৫ হাজাৰকৈ টকা।
এই বিষয়ে ট্ৰাক ড্ৰাইভাৰে টুইট আৰু ই–মেইল কৰি প্ৰধানমন্ত্ৰী কাৰ্যালয়ত খবৰ দিয়াৰ পিছত কেন্দ্ৰৰ হস্তক্ষেপত বন্ধ কৰা হয় বৃহৎ ছিণ্ডিকেট। এই কাৰণতে বিগত এটা মাহত বহু পৰিমাণে হ্ৰাস পাইছে ব্ৰইলাৰৰ মূল্য। অৱশ্যে গুৱাহাটী মহানগৰীত এতিয়াও অধিকাংশ বিক্ৰেতাই হ্ৰাস কৰা নাই ব্ৰইলাৰৰ মূল্য।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|