ৰঙালীৰ বজাৰত জুই, ব্যাপক হাৰত বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

Photo : Daily Sun
যোগান বিভাগক অস্তিত্বহীন কৰি নিয়ন্ত্ৰনহীন ভাৱে বৃদ্ধি হোৱা সামগ্ৰীৰ মূল্যই মাধমাৰ সোধাইছে সাধাৰণ জনতাক।
- News18 Assam
- Last Updated: April 8, 2021, 5:41 PM IST
কোনো কাৰণ নোহোৱাকৈয়ে বৃদ্ধি কৰা হৈছে লোকেল আৰু ব্ৰইলাৰ কুকুৰাৰ দাম। ছাগলীৰ মাংসৰ দামো হঠাৎ বৃদ্ধি কৰা হৈছে বজাৰত। বিগত মাহটোত কেৱল মিঠাতেল-ৰিফাইন তেলৰ দামেই ৪২টকা পৰ্যন্ত বৃদ্ধি কৰা হৈছে। ব্ৰইলাৰ আৰু লোকেল কুকুৰাৰ দাম ১০০ পৰা ১৪০ টকা পৰ্যন্ত প্ৰতি কিলোত বৃদ্ধি কৰা হৈছে। ছাগলীৰ মাংসও প্ৰতি কিলোত ৫০টকা পৰ্যন্ত বৃদ্ধি কৰা হৈছে। একেদৰে ঘৰ নিৰ্মানত ব্যৱহৃত সামগ্ৰীৰ মূল্যৰো হঠাৎ সাংঘাতিক ধৰণে বৃদ্ধি হৈছে। এনেধৰণৰ মূল্যবৃদ্ধিয়ে ৰাজ্যৰ জনগণক জুৰুলা কৰাৰ সময়তে ৰাইজৰ মনত সৃষ্টি হৈছে ক্ষোভৰ। যোগান বিভাগক অস্তিত্বহীন কৰি নিয়ন্ত্ৰনহীন ভাৱে বৃদ্ধি হোৱা সামগ্ৰীৰ মূল্যই মাধমাৰ সোধাইছে সাধাৰণ জনতাক।
পিছে নিৰ্বাচনৰ সময়ত এনে মূল্যবৃদ্ধিৰ পৰম্পৰা নতুন নহয়। প্ৰতিবাৰেই নিৰ্বাচনত প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰৰ বাবদ ৰাজ্যৰ ব্যৱসায়ীৰ পৰা বৃহৎ পৰিমাণৰ চান্দা আদায় কৰাৰ কথা সংবাদ মাধ্যমত চৰ্চিত হয়। ৰাজনৈতিক নেতাৰ নিৰ্বাচনৰ ব্যয়ৰ বাবে ব্যৱসায়ী মহলে দিব লগা চান্দাও। সাধাৰণ ৰাইজৰ পৰা চতুৰালিৰে আদায় কৰাৰ বাবেই নিৰ্বাচনৰ সময়ত প্ৰতিবিধ সামগ্ৰীৰে ব্যাপক মূল্যবৃদ্ধি ঘটাই সাধাৰণ ৰাইজক মাধমাৰ সোধাই বণিয়াই। এই ক্ষেত্ৰত প্ৰশাসনেও গ্ৰহণ কৰে নীৰৱ ভূমিকা।